গুৱাহাটী আৰক্ষীয়ে ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে।কৌশিক তালুকদাৰ আৰু মানস তালুকদাৰ নামৰ এই ব্যক্তি দুজনে বেংকত চাকৰি প্ৰদানৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল।
আৰক্ষী সূত্ৰত প্ৰকাশ কৰে যে এই দুই ব্যক্তিয়ে ধনৰ বিনিময়ত মানুহক কো- অপাৰেটিভ চিটি বেংকৰ ভুৱা নিয়োগ পত্ৰ প্ৰদান কৰিছিল। এই কেলেংকাৰিত জড়িত দ্বীপজ্যোতি শইকীয়া আৰু জোনালী ডেকা নামৰ অইন দুগৰাকী ব্যক্তি এতিয়াও পলাতক।