গুৱাহাটী ৰে’ল ষ্টেচনত কালি ২৫ গৰাকী যাত্ৰীৰ দেহত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছে।
তাৰ পিছতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় গুৱাহাটী ৰে’ল ষ্টেচনত।
জানিব পৰা অনুসৰি বেছি ভাগ যাত্ৰীয়ে মহাৰাষ্ট্ৰ ,পশ্চিমবংগকে ধৰি আন আন ৰাজ্যৰ পৰা ভ্ৰমণ সূত্ৰে আহিছে।
কোনো ধৰণৰ লক্ষণ নোহোৱাকৈ আটাইকেইজন যাত্ৰীৰ দেহত পোৱা গৈছে ক’ৰোনা সংক্ৰমণ।
তাৰ উপৰিও বৃহস্পতি বাৰে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ২২ জন যাত্ৰীৰ দেহত পোৱা গৈছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ।
যাৰ ফলত অধিক শংকিত হৈ পৰিছে যাত্ৰী সকল।
Photo Credit :Google