ৰাজ্যত বৃদ্ধি হৈ গৈ আছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যাৰ লগতে মৃত্যুৰ হাৰো।
এই মহামাৰীৰ সময়ত গণসংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰা সান্ধ্য আইনত গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে বিগত ১৫ দিনত কিমান টকা সংগ্ৰহ কৰিলে, কিমানখন যান-বাহন জব্দ কৰিলে আৰু কিমানটা গোচৰ ৰুজু কৰিছে জানেনে আপুনি?
মহানগৰীৰ ৰাজপথত সান্ধ্য আইন উলংঘাকাৰীৰ বিৰুদ্ধে যান-বাহন আৰক্ষীয়ে অভিযান চলাই যোৱা বিগত ১৫ দিনত ১৩ লক্ষাধিক টকাৰ জৰিমনা সংগ্রহ কৰাৰ লগতে বহুকেইখন যান-বাহন জব্দ কৰাৰ লগতে চালকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰে ৷
যান-বাহন আৰক্ষীৰ এক সূত্র অনুসৰি,
১.বিগত ৪ মে’ত ৩৭ হাজাৰ টকা জৰিমনা, ১১৬টা গোচৰ ৰুজু আৰু ৫খন বাহন জব্দ।
২.৫ মে’ত ২৯ হাজাৰ টকা জৰিমনা সংগ্ৰহ আৰু ১২২টা গোচৰ ৰুজু।
৩. ৬ মে’ত ২৮ হাজাৰ টকা জৰিমনা সংগ্রহ আৰু ৯৩টা গোচৰ ৰুজু।
৪. ৭ মে’ত ২২ হাজাৰ টকা জৰিমনা সংগ্রহ আৰু ৯৩টা গোচৰ ৰুজু।
৫. ৮ মে’ত ৪১ হাজাৰ টকা জৰিমনা সংগ্রহ আৰু ৮৫টা গোচৰ ৰুজু।
৬. ৯ মে’ত ১৮৫০০ টকা জৰিমনা সংগ্রহ আৰু ৫৩টা গোচৰ ৰুজু।
৭. ১০ মে’ত ১৯ হাজাৰ টকা জৰিমনা সংগ্রহ আৰু ৫১টা গোচৰ ৰুজু।,
৮. এইকেইটা দিনত যান-বাহন আইন উলংঘা কৰা ১৪খন বাহন জব্দ ৷
৯. ১১ মে’ত ৭৯ হাজাৰ টকা জৰিমনা সংগ্রহ আৰু ১০৫টা গোচৰ ৰুজু।
১০. ১২ মে’ত ৫২,৫০০ টকা জৰিমনা সংগ্রহ আৰু ৭৭টা গোচৰ ৰুজু ৷
১১. যান–বাহন আৰক্ষীয়ে আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে অভিযান চলায়।
১২. ১৩ মে’ত ২,২০,০০০ টকা জৰিমনা সংগ্রহ আৰু ৪৩৫টা গোচৰ ৰুজু ৷
১৩. ১৪ মে’ত ১,৮৬,০০০ টকা জৰিমনা সংগ্রহ আৰু ৩৯২টা গোচৰ ৰুজু।,
১৪. ১৫ মে’ত ১,৫৬,৫০০ টকা জৰিমনা সংগ্রহ আৰু ৩২২টা গোচৰ ৰুজু।
১৫. ১৬ মে’ত ১,২৬,৫০০ টকা জৰিমনা সংগ্রহ আৰু ১৯৩টা গোচৰ ৰুজু ৷
১৬. ১৭ মে’ত ৯৪,৫০০ টকা জৰিমনা সংগ্রহ আৰু ২১৪টা গোচৰ ৰুজু।
১৭. ১৮ মে’ত ১,১০,৫০০ টকাৰ জৰিমনা সংগ্রহ আৰু ২০০টা গোচৰ ৰুজু।
১৮. ১৯ মে’ত ৭৪,০০০ টকা জৰিমনা সংগ্রহ আৰু ২০৮টা গোচৰ ৰুজু ৷
১৯. ১১ মে’ৰ পৰা ১৯ মে’লৈ যান-বাহন আৰক্ষীয়ে মুঠ ৩৬৬খন বাহন জব্দ কৰে ৷
মুঠতে মহানগৰীত যান-বাহন আৰক্ষী এতিয়া কঠোৰ হৈ পৰিছে। বাচি যাব পৰা নাই কোনো এজন আইন উলংঘাকাৰী লোক।
Photo: Google