বন মহোৎসৱৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় NSS কোষৰ উদ্যোগত “ পাহাৰবোৰ সেউজ কৰো আহক” শীৰ্ষক বহল ভিত্তিত বৃক্ষৰোপণ অভিযানৰ অংশ ৰূপে লখৰাৰ সমীপৱৰ্তী পাহাৰত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ এই সময়ছোৱাত প্ৰায় ৫০ গৰাকী স্বেচ্ছাসেৱক/স্বেচ্ছাসেৱীকাই প্ৰায় দুইশতাধিক গছপুলি ৰোপণ কৰে। এই কাৰ্য্যসূচী মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে৷ তেখেতৰ বক্তব্যত “গছ থাকিলেহে মানুহ জীয়াই থাকিব আৰু সেউজ ধৰণীহে মানুহৰ বাবে বাসপযোগী বুলি প্ৰকাশ কৰে৷ পৃথিৱীখন সেউজীয়া কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এই সুন্দৰ পৃথিৱী গঢ়াৰ দায়িত্ব আমাৰ সমাজৰ প্ৰতিগৰাকী সচেতন ব্যক্তি তথা বিশেষকৈ NSS স্বেচ্ছাসেৱকসকলে ল’ব লাগিব বুলি ড° ৰঞ্জন কুমাৰ কাকতি দেৱে উল্লেখ কৰে ৷ চৌদিশে ব্যাপক হাৰত হোৱা পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি NSS স্বেচ্ছাসেৱকসকলক পাৰ্য্যমানে বৃক্ষৰোপণৰ কাৰ্য্যসূচী চলাই যাবলৈ তেখেতে অনুৰোধ জনায়।
উক্ত কাৰ্য্যসূচীটো পৰিচালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি ৷ সহঃপৰিচালক হিচাপে অংশ লয় গুঃবি কেম্পাচ NSS কোষৰ প্ৰগেম অফিচাৰ ড° ঋতুপৰ্ণ বৰা আৰু বি.বৰুৱা মহাবিদ্যালয় NSS গোটৰ প্ৰগ্ৰেম অফিচাৰ ড° সত্যব্ৰত বৰা ৷ এই কায্যসূচীত গুঃবিঃ কেম্পাচ্ NSS গোট, বি.বৰুৱা মহাবিদ্যালয় NSS গোট, এছ.বি.দেউৰা মহাবিদ্যালয় NSS গোট স্বেচ্ছাসেৱক সকলে বৃক্ষ ৰোপণ কৰে। পৰৱৰ্তী সময়তো এইদৰে বিভিন্ন ঠাইত বহল ভিত্তিত বৃক্ষৰোপণ কৰা হ’ব বুলি গুৱাহাটী বিশ্ববিদ্যালয় NSS কোষে জানিবলৈ দিয়ে ৷