অতি কম সময়ৰ ভিতৰত ফাইনেল পৰীক্ষা অনুষ্ঠিত হোৱাত অসন্তুষ্ট গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল।
সেয়েহে আজি পৰীক্ষা পিছুৱাই দিবৰ বাবে আহ্বান জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ ছাত্ৰী সকলে।
প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে জনাইছে যে
১)আমাৰ পৰীক্ষাবোৰ স্থগিত ৰাখিব লাগে ।শিক্ষাৰ্থী সকলক সময় দিব লাগে প্ৰস্তুতিৰ বাবে।
২)অনলাইন বা অফলাইন যিয়ে নহওক কিয় আমাক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ১৫ৰ পৰা ২০ দিন সময় লাগে
৩)পৰীক্ষাৰ ৮ দিন আগত ৰুটিন দি গুৱাহাটী বিশ্ববিদ্যালয়ে ফাইনেল পৰীক্ষা পাতিব খুজিছে এনেকৈ শিক্ষাৰ্থীৰ ভৱিষ্যতত বাধা আহিব।
৪)৬ ফেব্ৰুৱাৰীলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজ সমূহত নামভৰ্তিহে হৈছে তাৰ পিছত ২ মাহত সিহঁতে ফাইনেল পৰীক্ষা কেনেদৰে দিব
৫)বহুত কলেজৰ পাঠ্যক্ৰম সমাপ্ত হোৱা নাই
৬)গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ইতিমধ্যে পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনোৱা হৈছে।
৭) কভিড’ৰ সংক্ৰমণ বৃদ্ধি হোৱা স্বত্তেও আমি পৰীক্ষা দিবলৈ সাজু কিন্তু আমাক পঢ়িবলৈ সময় দিব লাগে।
Image Source : Representative