সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে আতংকৰ সৃষ্টি কৰিছে।
ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ লগতে আহিছে এই সম্পৰ্কীয় ভুৱা বাতৰিও।
ছচিয়েল মিডিয়াত, বিশেষকৈ অসমৰ ছচিয়েল মিডিয়াত চাৰ্জিকেল মাস্কক লৈ এটা বাতৰি এতিয়া যথেষ্ট ভাইৰেল হ’বলৈ ধৰিছে।
ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰায়ভাগ ৰাইজে পৰিধান কৰে চাৰ্জিকেল মাস্ক।
কিন্তু এই মাস্কক লৈ এটা দাবী ভাইৰেল হৈ পৰিছে যে, এইসমূহ মাস্কত থাকে ক’লা কীট আৰু এই ক’লা কীট ক’ৰোনা ভাইৰাছতকৈও ভয়ংকৰ।
ইয়ে বিয়পাব পাৰে মাৰাত্মক ৰোগ।
এনে এক দাবী কৰিছে ৰিপোৰ্টাৰ অসম নামৰ এটা ফেচবুক পেজে।
এই ভিডিঅ’টো ইমানেই ভাইৰেল হৈ পৰিছে যে, ফেচবুকত ইয়াক ৪০ হাজাৰ বাৰতকৈয়ো অধিকবাৰ শ্বেয়াৰ কৰা হৈছে।
তলত দিয়া হৈছে Archived সংস্কৰণটো-
https://archive.org/details/maskmisinfo-video-2021-04-28-at-18.07.37
দাবীঃ চাৰ্জিকেল মাস্ক পৰিধান কৰিলে হ’ব পাৰে ক’ৰোনাতকৈও মাৰাত্মক ৰোগ।
অনুসন্ধানঃ
হেডলাইন৮য়ে এই বাতৰিৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
আৰু আমি ইয়াক গুগলত চাৰ্জ কৰিব ধৰিলো। পিছত ইউ টিউবত এটা ভিডিঅ’ পালো।
যিটোৱে এই দাবীক নস্যাৎ কৰি পেলাইছে।
লগতে আমি জানিব পালো যে, ক’লা কীটৰ দৰে দেখা পদাৰ্থবিধ প্ৰকৃততেই ফেবৰিক সুতা।
এইটো কথা জনাটো দৰকাৰ যে অনুবিক্ষনীয় জীৱ এটাক আমি মোবাইল কেমেৰাৰে যিমানেই জুম কৰি নাচাওঁ কিয়, খালি চকুৰে দেখাটো অসম্ভৱ।
বৰ্তমান সময়ত মাস্ক পৰিধান কৰাটো খুবেই প্ৰয়োজনীয় আৰু এনেধৰণৰ ভিডিঅ’বা ফটো ছচিয়েল মিডিয়াত প্ৰচাৰিত হ’লে গুৰুত্ব প্ৰদান কৰিব নালাগে।
ফলাফলঃ
এই দাবী মিছা। সেইবোৰ ক’লা কীট নহয়, আচলতে মাস্কত থকা ফাইবাৰহে হয়।
ওপৰৰ ভিডিঅ’টোৱে ৰাইজৰ মাজত সৃষ্টি কৰিছে আতংকৰ।
Photo: Headline8