ছচিয়েল মিডিয়াত এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোত দেখা পোৱা গৈছে যে, এটা কোঠাত সকলোবোৰ সামগ্ৰী কঁপি থকা দেখা পোৱা গৈছে।
ভিডিঅ’টো ভূমিকম্পৰ দৰে দেখা গৈছে।
ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, অসমত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ এই ভিডিঅ’টো।
কিন্তু আমাৰ অনুসন্ধানত এই দাবী ভুৱা ওলাল।
দৰাচলতে এই ভিডিঅ’টো ভাৰতৰে নহয়, আমেৰিকাৰ আলাস্কাৰ হয়।
ভিডিঅ’টো ২০১৮ চনত অহা ভূমিকম্পৰ হয়।
কি আছে ভাইৰেল পোষ্টটোত?
ভাইৰেল ভিডিঅ’টোত দেখা পোৱা গৈছে যে, এটা কোঠাত সকলোবোৰ সামগ্ৰী কঁপি আছে।
পোষ্টটোৰ সৈতে দাবী কৰা হৈছে, “#earthquake in Northeast Assam. see d video Richter Scale reading was 6.4”
এই পোষ্টটোৰ Archive সংস্কৰণ তলত দিয়া হৈছে
https://twitter.com/smartsu84069108/status/1387262007997460482
দাবীঃ
ভূমিকম্পৰ এই ভিডিঅ’টো অসমৰ হয়।
অনুসন্ধানঃ
হেডলাইন৮য়ে অনুসন্ধানৰ বাবে এই ভিডিঅ’টোৰ কীফ্ৰেমবোৰ Google Rivers Imageত বিচাৰিলো।
আমি এই ভিডিঅ’টো Sarit Phumjan নামৰ ইউটিউব চেনেলত ২০১৮ চনতে আপলোড কৰা দেখা পালো।
ভিডিঅ’টোৰ সৈতে লিখা আছিল “8:30 a.m. local time, A 7.0 magnitude earthquake hit anchorage Alaska, look how scary sound in my house close to the Ted Stevens Airport.”
ইয়াৰ অসমীয়া অনুবাদ হ’ল- স্থানীয় সময়নুসৰি পুৱা ৮.৩০ বজাত ৭.০ ৰিখটাৰ স্কেলত ভূমিকম্প আহে আলাস্কাত। চাওক টেড ষ্টীভাঞ্চ বিমানবন্দৰৰ সমীপত মোৰ ঘৰত কেনেকুৱা ভয়ানক শব্দ।
সন্ধান কৰোতে আমি BBCৰ খবৰ পালো, খবৰ অনুসৰি আলাস্কাত ২০১৮ৰ ১ ডিচেম্বৰত ৭.০ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্প আহিছিল।
দৈনিক জাগৰণৰ ২৮ এপ্ৰিলত প্ৰকাশিত খবৰ অনুসৰি,
অসমত আজি পুৱা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছিল।
ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৬.৪। সম্পূৰ্ণ খবৰ ইয়াত পঢ়ক।
ফলাফলঃ
হেডলাইন৮য়ে অনুসন্ধানত জানিব পাৰিলে যে, এই দাবী ভুৱা।
এই ভিডিঅ’টো ভাৰতৰ নহয়, আমেৰিকাৰ আলাস্কাৰ হয়।
Photo: Twitter