ৰাজ্যক এতিয়া ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে স্পৰ্শ কৰিছে। দিনক দিনে বাঢ়িয়েই গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
অসম কিয় সমগ্ৰ দেশতে পুনৰ ক’ৰোনাই ত্ৰাসৰ সৃষ্টি কৰিছে।
ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰাজ্যত ইতিমধ্যে ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন।
কিন্তু বৰ্তমানেও অসমত কোনোধৰণৰ লকডাউনৰ কথা ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে।
ৰাজ্যত লকডাউন হ’বনে, নহয়? এই প্ৰশ্নৰ উত্তৰ এতিয়া কাৰো লগত নাই।
কিন্তু বিগত বৰ্ষৰ লকডাউনৰ সময়ৰ এটা পোষ্টৰ স্ক্ৰীণশ্বট এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰিছে।
লকডাউনত কি কি খোলা থাকিব, কি কি নাথাকে, তাকে লৈ বিগত বৰ্ষত শ্বেয়াৰ হোৱা এটা পোষ্টৰ স্ক্ৰীণশ্বট এতিয়া প্ৰতিটো হোৱাটছ গ্ৰুপত তথা ফেচবুকত।
পুৰণি ফেচবুক পোষ্টটোৰ স্ক্ৰীণশ্বট লৈ সম্পাদনা কৰি পুনৰ এতিয়া নতুনকৈ শ্বেয়াৰৰ পৰা ফৰৱাৰ্ড কৰিবলৈ আৰম্ভ কৰিছে ছচিয়েল মিডিয়াত।
ভাইৰেল হোৱা স্ক্ৰীণশ্বট
ইফালে পুৰণি লকডাউনৰ পোষ্টটোত উল্লেখ কৰা হোৱা নাছিল কোনো ৰাজ্যৰ নাম কিন্তু এতিয়া ভাইৰেল হ’বলৈ ধৰা স্ক্ৰীণশ্বটটোত GUWAHATI-ASSAM বুলি সম্পাদনা কৰি শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে ছচিয়েল মিডিয়াৰ ভিন্ন প্লেটফৰ্মত।
অনুসন্ধান
আমি স্ক্ৰীণশ্বটটোৰ সত্যতা নিৰূপন কৰিবলৈ সহায় ল’লো Google Reverse Image Searchৰ।
য’ত আমি প্ৰত্যক্ষ কৰিলো যে, যিখন স্ক্ৰীণশ্বট এতিয়া হোৱাটছ গ্ৰুপে গ্ৰুপে ভাইৰেল হ’বলৈ ধৰিছে,
সেই স্ক্ৰীণশ্বটটো ২০২০ৰে হয়।
এটা ফেচবুক পেজে বিগত বৰ্ষৰে লকডাউনৰ সময়তে শ্বেয়াৰ কৰিছিল পোষ্টটো।
কিন্তু এতিয়া এই পুৰণি পোষ্টটোৰ স্ক্ৰীণশ্বট লৈ সম্পাদনা কৰি ভাইৰেল কৰা হৈছে ছচিয়েল মিডিয়াত।
U R my Love নামৰ এটা ফেচবুক পেজে বিগত বৰ্ষৰ ২০ এপ্ৰিলতে শ্বেয়াৰ কৰিছিল এই পোষ্টটো।
প্ৰকৃত পোষ্টটোৰ archive সংস্কৰণটো ইয়াত…
Photo: Facebook