বুধবাৰে পুৱা বিভিন্ন সংবাদ মাধ্যমৰ লগতে ছচিয়েল মিডিয়াত দৰদী কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুৰ খবৰে বিয়পি পৰিছিল।
প্ৰতিটো টি ভি চেনেলৰ লগতে ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মটো তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল।
তেওঁৰ মৃত্যুৰ খবৰ জুইৰ দৰে বিয়পি পৰিছিল চাৰিওফালে।
দাবী
ভিতালী দাস আৰু নাই।
অনুসন্ধান
কিন্তু হেডলাইন৮ তৰফৰ পৰা অনুসন্ধান কৰি জানিব পৰা গ’ল যে, মৃত্যু হোৱা নাই কণ্ঠশিল্পী ভিতালী দাসৰ।
বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক যদিও তেওঁৰ মৃত্যুৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
হেডলাইন৮য়ে GMCH হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাক ফোন কৰি এই কথা নিশ্চিত কৰে যে,বৰ্তমান তেওঁ ICU ত চিকিৎসাধীন হৈ আছে।
মেকানিকেল ভেণ্টিলেচনত ৰাখি থোৱা হৈছে কণ্ঠশিল্পীগৰাকীক।
কালাপাহাৰ ক’ভিড হস্পাতালত চিকিৎসাধীন হৈ আছে ভিতালী দাস।
ক’ৰোনাত আক্ৰান্ত হৈছিল
কিছুদিন পূৰ্বে চেন্নাইৰ পৰা স্বামীসহ উভতিছিল ভিতালী দাস।
ইয়াৰ পিছতে তেওঁ ক’ৰোনাত আক্ৰান্ত হৈছিল।
ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতে ICU ত চিকিৎসাধীন হৈ আছিল দৰদী কণ্ঠশিল্পীগৰাকী।
উৰা বাতৰি প্ৰচাৰৰ কেইখনমান স্ক্ৰীণশ্বট
Photo: Headline8