ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে ক্ৰমাগত দ্বিতীয়বাৰলৈ বাতিল হ’ল হজ যাত্ৰা।
কেৱল ছৌদি আৰৱত থকাসকলেহে ভাগ ল’ব পাৰিব এইবাৰৰ হজত।ইতিমধ্যেই ছৌদি আৰৱ চৰকাৰে এই সম্পৰ্কে জাননী জাৰি কৰিছে।ছৌদি চৰকাৰৰ জাননীৰ পিছতে ভাৰত চৰকাৰে বাতিল কৰিলে ভাৰতীয় নাগৰিকৰ হজ যাত্ৰা। হজৰ সকলো আবেদন বাতিল কৰিছে হজ কমিটীয়ে।
উল্লেখ্য যে ১৭ জুনৰ পৰা ২২ জুনলৈ অনুষ্ঠিত হ’ব হজ।