সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়ৰ নিৰ্মলপ্ৰভা বৰদলৈ ছাত্ৰীবাসৰ এটা কোঠাত চিপ লৈ আত্মহত্যা কৰে।
জানিব পৰা অনুসৰি ছাত্ৰী গৰাকীৰ নাম সাৱিত্ৰী বৰ্মন।
সাৱিত্ৰী বৰ্মন সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ BCA পঞ্চম সান্মাষিকৰ ছাত্ৰী।
ছাত্ৰী গৰাকীৰ ঘৰ চিলাপথাৰত বুলি জানিব পৰা গৈছে।
পুৱাৰে পৰা কোঠাৰ ভিতৰত সোমাই থকা বাবে বান্ধৱীয়ে মাতিবলৈ আহোতে চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ছাত্ৰী গৰাকীৰ মৃতদেহ।
আজি দিনৰ প্ৰায় ১২.২০ বজাত সংঘটিত হৈছে এই ঘটনা।
ছাত্ৰী গৰাকীৰ কোঠাৰ পৰা এখন চুইছাইড নোট পোৱা গৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।
ছাত্ৰী গৰাকীয়ে কিয় এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হ’ল বৰ্তমানলৈ কোনো ধৰণৰ তথ্য লাভ কৰিব পৰা নাই।
মৰণোত্তৰ পৰীক্ষাৰ পিছতহে কিছু তথ্য লাভ হব বুলি জানিব দিছে আৰক্ষীয়ে।