HDFC বেংকে গুৱাহাটী পৌৰ নিগম (GMC)আৰু চেণ্টাৰ ফৰ এনভায়ৰনমেন্ট এডুকেচন (CEE) ৰ সহযোগত আদাবাৰী গুৱাহাটী মেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF) উদ্ধোধন কৰে। প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে মাছখোৱাস্হিত গুৱাহাটী পৌৰ নিগমৰ আই টি আইৰ নিকটৱৰ্তী স্থানত এটা স্বচ্ছ কেন্দ্র,মেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF) কেন্দ্রস্থাপন কৰা।এই কেন্দ্রটোৱে আবৰ্জনাসমূহ অধিক ক্ষিপ্তভাৱে পুনৰীক্ষণ কৰাৰ উপৰিও মিশ্রিত আবৰ্জনা প্ৰবাহৰ পৰা প্ৰয়োজনীয় সম্পদ পুনৰ উদ্ধাৰ কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যবহাৰ কৰি মহানগৰৰ বহনক্ষম আবৰ্জনা ব্যবস্থাপনা পদ্ধতি প্ৰচলিত কৰিব।
এই মেটেৰীয়েল ৰিকভাৰী ফেচিলিটি (MRF)য়ে উন্নত প্রযুক্তিৰে আবৰ্জনা পৃথকীকৰণ কৰি সম্পদ পুনৰুদ্ধাৰ সৰ্বাধিক অনুকূলিতকৰণ কৰে। মিশ্রিত আবৰ্জনা প্ৰবাহৰ পৰা মূল্য আহৰণ কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যবহাৰ কৰে আৰু সমান্তৰালভাৱে বহনক্ষম আবৰ্জনা ব্যবস্থাপনা পদ্ধতিৰ প্ৰচাৰ কৰে।
এই মেটেৰীয়েল ৰিকভাৰী ফেচিলিটি (MRF) ডিজিটেল ভাৱে উদ্ধোধন কৰে অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংঘালে। ইয়াৰ উপৰিও এই উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া,উপ মেয়ৰ স্মিতা ৰয় আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহাল উপস্থিত থাকে। এই প্রকল্প HDFC বেংক পৰিৱৰ্তনৰ “গ্রামীণ আৰু নগৰীয়া পৰিৱেশ; শুকান আৰু প্লাষ্টিক আবৰ্জনামুক্ত আচনিৰ অধীনত। চেণ্টাৰ ফৰ এনভায়ৰনমেন্ট এডুকেচন (CEE ) সহযোগত স্থাপন কৰা এই প্রকল্পত সৃষ্টি ৱাষ্ট মেনেজমেন্ট চাৰ্ভিচেজ প্ৰাইভেট লিমিটেডক সেৱা সহযোগী হিচাপে নিযুক্ত কৰা হৈছে।
শুভ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত মৃণাল বৰা, সংগ্রাহক তুলশী ৰঞ্জন কলিতা,সহকাৰী আয়ুক্ত চুহেল য়াছিৰৰ উপৰিও ২,৩,৪,৫,৬,৮ আৰু ৯ নম্বৰ পাৰিষদৰ লগতে অন্যান্য বিষয়া আমোলাসকলো ডিজিটেল উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। HDFC বেঙ্কৰ তৰফৰ পৰা প্ৰেমজিৎ কোঁৱৰ আৰু দীপাঙ্কৰ তালুকদাৰ,চি ই ই (CEE)ৰ প্ৰভজ্যোত সোধী প্ৰমুখ্যে HDFCৰ বহুকেইগৰাকী বিষয়া তথা সৃষ্টি ৱাষ্ট মেনেজমেন্ট চাৰ্ভিচেজৰ উপস্থিতি আছিল লক্ষনীয়।
মন্ত্রী অশোক সিংঘালে HDFC বেংক আৰু CEE ৰ প্রণালীবদ্ধ আবৰ্জনা ব্যৱস্থপনাৰ সংবেদনশীল দৃষ্টি ভংগীৰ স্বীকৃতি দিয়ে আৰু শলাগ লয়। তেওঁ লগতে কয় যে “এই প্ৰণালীবদ্ধ প্ৰক্ৰিয়াযুক্ত দৃষ্টিভঙ্গীয়ে স্বচ্ছতাকেন্দ্রীক বহু দিশ উন্মোচন কৰিব, তাৰে ভিতৰত চাফাই মিত্রসকলৰ উন্নয়নযুক্ত অন্তৰ্ভুক্তি, আবৰ্জনা শ্রেণী বিভাজন আৰু ডিজিটেল বিশ্লেষণ, স্বয়ংক্রিয় সংগ্রহ প্ৰণালী, উন্নত উপাৰ্জন আৰু জীবীকা সৃষ্টিৰ ব্যয়ৰ অনুকূলন আৰু অনানুষ্ঠানিক খণ্ডক আনুষ্ঠানিক কৰ্মশক্তিৰে একত্রিত কৰিব।
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালে মন্তব্য কৰে, “২০৭০ চনৰ ভিতৰত নেট শূন্য স্হান অৰ্জনাৰ্থে ভাৰতৰ অগ্রণী ভূমিকাৰ সৈতে চৰকাৰ, ব্যক্তিগত খণ্ড, আবৰ্জনা শৃঙ্খলাৰ মুখ্য অংশীদাৰ আৰু মহানগৰীৰ নাগৰিকসকলৰ একত্রে HDFC বেংক তথা CEEৰ এই সহযোগিতাৰ বলিষ্ঠ পদক্ষেপে বহনক্ষম, বৃত্তাকাৰ অৰ্থনৈতিক দিশত পৰিবৰ্তন ত্বৰান্বিত কৰাৰ ক্ষেত্রত লক্ষনীয় ভূমিকা পালন কৰিব”।
HDFC বেংকৰ মুখ্য চি এচ আৰ নুছৰত পাঠানে কয়, “এই বিশেষ প্ৰকল্পৰ অধীনত আবৰ্জনা ব্যবস্থাপনাৰ শৃঙ্গলাত বৃত্তাকাৰ অৰ্থনীতি আৰু ব্যবসায়িক আৰ্হিৰ প্ৰচাৰকেন্দ্ৰীক আমাৰ প্ৰচেষ্টাৰ আওতাত আছে সহযোগিসকলৰ সৈতে সহযোগিতাৰ লগতে বিভাগীয়ভাবে বহনক্ষম পদ্ধতিৰ দিশত শিক্ষিত কৰি লোৱাৰ পদক্ষেপ।এই পদক্ষেপে পৰিবেশৰ প্ৰভাৱ হ্ৰাস কৰি সামূহিক বিকাশত সহায়তা কৰাৰ যি প্ৰতিশ্ৰুতি তাৰে লগত প্ৰসংগ সংগতিপূর্ণতা ৰক্ষা কৰে”।
প্ৰভজ্যোত সোধীয়ে প্ৰসংগত সংযোজন কৰে যে, ‘’মেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF)ৰ প্ৰতিষ্ঠা আৰু কাৰ্য্যকৰী দক্ষতাই পৰিস্থিতি অনুযায়ী বহুগুণে লাভকাৰী হৈ উঠিব।প্ৰক্ৰিয়াটোৰ সহায়তাত কেবল যে আবৰ্জনাৰ পৰিমাণ হ্ৰাস হ’ব সেয়ে নহয়, বৰং ব্যয় সংকোচন, সঞ্চয়, প্লাষ্টিক দাহন হ্ৰাস কাৰ্বন নিৰ্গমন তাকৰীয় হোৱাৰ উপৰিও চাফাই মিত্রসকলৰ উপাৰ্জনৰ দিশটোও টনকিয়াল হ’ব”।
প্ৰকল্পটোয়ে সকলো ধৰণৰ শুকান আবৰ্জনা পৃথকীকৰণত সক্ষম হ’ব।প্লাষ্টিকযুক্ত যিবোৰ আবৰ্জনা সেইবোৰো মূল্যায়ন কৰিব। পি ই টি, পি ই, এইচ ডি পি ই, এল ডি পি ই, পি ভি চি, পি এচ আৰু পি পি আবৰ্জনাবোৰ যান্ত্রিকতাৰে বেইল,শ্ৰেড কৰি ৰিচাইক’লাৰক যোগান ধৰা হয় (পেটেন্ট অথবা অন্যান্য সামগ্রী উৎপাদনৰ বাবে)।চিমেন্টৰ ক্লিন্স, পথ নিৰ্মাণ ইত্যাদি।উপৰোক্ত সকলো প্ৰক্ৰিয়াই কঠিন আবৰ্জনা ব্যবস্থাপনাৰ ২০১৬ চনৰ অধিনিয়ম অনুসৰণ কৰিব আৰু এয়া পৰৱৰ্তী সংশোধন। মেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF) বিভিন্ন কাৰ্য্যৰ বাবে নানান প্ৰকাৰৰ যন্ত্রপাতি স্থাপন কৰা হৈছে,যেনে,চলনশীল ওজনৰ দলঙ, কনভেয়াৰ বেল্ট, এয়াৰ ব্ল’ৱাৰ শ্ৰেডাৰ গ্ৰাইণ্ডাৰ আৰু বেলিঙ মেচিন।
ডিজিটেল উদ্ধোধনীৰ পূর্বে ১০ মাৰ্চ তাৰিখে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্রী মৃগেন শৰণীয়াৰ লগতে পৌৰ নিগমৰ বিষয়ববীয়াসকলে মেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF) ৰ বাবে পদযাত্রা কৰিছিল। মেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF) ৰ কাৰ্য্যকলাপ সম্পৰ্কে এটা সুবিস্তৃত ধাৰণা প্ৰদৰ্শন কৰা হৈছিল।তাৰ অন্তর্ভুক্ত আছিলমেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF) ৰ সুবিধা আৰু ব্যবহৃত যন্ত্রপাতিৰ প্ৰদৰ্শনী।সমান্তৰালকৈ ৰূপায়িত হৈছিল সুৰক্ষা তথা সুৰক্ষাসূচক প্ৰণালীও বিতংকৈ প্ৰদান কৰা।
এই প্ৰক্ৰিয়াটোয়ে ইতিপূর্বে বৃহত্তৰ নয়ডাত মেটেৰীয়েল ৰিক’ভাৰী ফেচিলিটি (MRF) ৰ (স্বচ্ছতা কেন্দ্র) স্থাপনৰ বাবে ইউ এন ডি পি ইণ্ডিয়াৰ সৈতে এইচ ডি এফ চি বেংক ৰ সফল সহযোগিতা অনুসৰণ কৰিছে।গুৱাহাটীৰ প্ৰকল্পটোৰো লক্ষ হৈছে এই সফলতাৰ পুনৰাবৃত্তি কৰাৰ লগতে বহনক্ষম আবৰ্জনা ব্যবস্থাপনাৰ ক্ষেত্রত এটা আদৰ্শ আৰ্হি প্ৰতিষ্ঠা কৰা।