অসমীয়া নৱবৰ্ষৰ প্ৰাকক্ষণতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ।
ব্যক্তিগতকৰণ নহয় নুমলীগড় শোধনাগাৰ, নুমলীগড় শোধনাগাৰৰ সিংহভাগ অংশীদাৰিত্ব ক্ৰয় কৰিছে অইল ইণ্ডিয়াই।
৮০.১৬ শতাংশ স্বত্ব লৈছে অইল ইণ্ডিয়া লিমিটেডে।
মঙলবাৰে গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেড আৰু
নুমলীগড় শোধনাগাৰে যুটীয়া সংবাদমেল সম্বোধন কৰে OIL INDIA তথা NRLৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই।
তেওঁ সংবাদমেলত জনাই যে,
বিগত ২৫ মাৰ্চত এন আৰ এলৰ ৪৩.০৫ কোটি শ্বেয়াৰ অইল ইণ্ডিয়া লিমিটেড আৰু ইঞ্জীনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড কনচৰ্টিয়াম অংশ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰিত হয়।
উল্লেখ্যে যে,
ইঞ্জিনীয়াৰ্চ ইণ্ডিয়া লিমিটেডে ৩.২১ কোটি শ্বেয়াৰৰ বাবে ৬৯৯.৯৯ কোটি দিয়াৰ বিপৰীতে অইল ইণ্ডিয়া লিমিটেডে ৮,৬৭৫.৯৬ কোটি টকা ৩৯.৮৪ কোটি শ্বেয়াৰ ক্ৰয় কৰে।
বাকী থকাখিনি ৫০০ কোটি টকাত অসম চৰকাৰক প্ৰদান কৰা হ’ব।
অন্যহাতে বি পি চি এলে, এন আৰ এলত থকা মুঠ ৬১.৬৫ শতাংশ শ্বেয়াৰ ইঞ্জিনীয়াৰ্চ ইণ্ডিয়া লিমিটেড কনচৰ্টিয়াম আৰু অসম চৰকাৰলৈ হস্তান্তৰ কৰে।
ইয়াৰ লগে লগে নিশ্চিত হৈ পৰিল যে, এন আৰ এল ব্যক্তিগতকৰণ নহয়।
কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল NRL ব্যক্তিগতকৰণ হোৱাৰ বাতৰি।
তাৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিল।
ইয়াৰ পিছত হেডলাইন ৮ৰ তৰফৰ পৰা এই প্ৰসংগ সন্দৰ্ভত চলোৱা হৈছিল অনুসন্ধান।
এই অনুসন্ধানত NRL ব্যক্তিগতকৰণৰ বাতৰি ভুৱা বুলি প্ৰকাশ পাইছিল।
ইয়াৰ পিছতে মঙলবাৰে OIL আৰু নুমলীগড় শোধনাগাৰে যুটীয়া সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে যে, নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ কৰা নহয়।
এতিয়া Headline8ৰ বাতৰি সত্য প্ৰমাণিত হ’ল, ব্যক্তিগতকৰণ নহয় NRL।
Photo: Headline8