মানিমুনি শাকৰ লগত আমি সকলোৱে পৰিচিত।
আমাৰ গ্ৰাম্য অঞ্চলত সহজেই হোৱা, ঘৰৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্ৰায়সংখ্যকৰে প্ৰিয়।
এজাক বৰষুণৰ পিছতেই আনুভূমিকভাৱে গজি উঠা এই শাকবিধৰ বহুতো ঔষধি গুণ আছে।
মানিমুনি দুই প্ৰকাৰৰ আছে। সৰু মানিমুনি (Hydrocotyle sibthorpioides)আৰু বৰ মানিমুনি (Hydrocotyle Asiatica )
মানিমুনি কেঁচা চাটনি, ভাজি, আঞ্জা বনাইও খাব পাৰি।
মানিমুনিৰ উপকাৰিতাঃ
মানিমুনি খালে যৌৱন কাল দীঘলীয়া কৰে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।
মানিমুনিয়ে মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ কৰে৷
মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।
মানিমুনি হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয় ৷
মানিমুনি এন্টিপেৰাচাইটিক- চিষ্টচমিঅ’চিচৰ চিকিৎসাত ব্যৱাৰ হয় ৷
মানিমুনি কাঁহ,জ্বৰ,টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷
মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,স্মৃতিশক্তি বঢ়ায় ৷
মানিমুনি বাৰ্ধক্যজনিত এলঝেইমাৰৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়, লগতে আয়ুস বঢ়ায় ৷
মানিমুনিয়ে আভোক দূৰ কৰে, ই লিভাৰৰ বাবে অতিকৈ উপযোগী।
মানিমুনিয়ে চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদি নিৰাময় কৰে।
মানিমুনিয়ে মহিলাৰ জৰায়ুত ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ্য ৷
মানিমুনিয়ে পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত সহায় কৰে।
মানিমুনিয়ে কম চুলি থকা লোকৰ চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে।
মানিমুনি খালে হজম শক্তি বৃদ্ধি হয়।
মানিমুনিৰ ৰসে অৰুচি গুচাই।
মানিমুনিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, টোপনি স্বাভাৱিক কৰে, মানসিক উত্তেজনা নোহোৱা কৰে।
মানিমুনিয়ে গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত ৰোগৰ বাবে এতিকৈ উপকাৰী।
মানিমুনি পুৰণি হাওঁফাওঁৰ ৰোগ, পুৰণি কাঁহ ৰোগীৰ বাবে উপকাৰী।