ভাৰত – ভূটান আৰু ভাৰত – নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা – পহৰাৰ দায়িত্বত নিয়োজিত হৈ থকা সশস্র সীমা বল চমুকৈ SSBৰ গুৱাহাটীৰ কাষৰীয়া সোণাপুৰস্থিত প্ৰথম বেটেলিয়ানৰ উদ্যোগত পহিলা মাৰ্চত টেঙাগুৰি আৰু মৰিকলং গাঁৱত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।
বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হোৱা শিবিৰত প্ৰথম SSBৰ কমাডেণ্ট সুনীল কৌশিকৰ তত্বাবধানত আৰু সহকাৰী কমাডেণ্ট ( চিকিৎসা বিষয়া) নিৰ্যন্তা দেবীৰ নেতৃত্বত বি কোম্পানীৰ এটা স্বাস্থ্যকৰ্মীৰ দলে শিবিৰত উপস্থিত লোকসকলৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে। আনহাতে শিবিৰত ৰোগ চিনাক্ত হোৱা মুঠ ৬৩ গৰাকী লোকক বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।
উল্লেখ্য যে বিগত সময়চোৱাত SSBৰ প্ৰথম বেটেলিয়ানে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বিনামূলীয়াকৈ মানুহৰ লগতে পশুধনৰো স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি আহিছে।