ক’ভিডত আক্ৰান্ত হৈ আছে ইজনৰ পিছত সিজনকৈ বৰেণ্য ব্যক্তি। কাল ক’ৰ’নাত এইবাৰ আক্ৰান্ত হৈছে প্ৰথিতযশা সাহিত্যিক ড: লক্ষ্মীনন্দন বৰা।
গুৰুতৰভাৱে আক্ৰান্ত বৰা ডাঙৰীয়াৰ চিকিৎসা চলিছে মহানগৰীৰ এক্সেল কেয়াৰ চিকিৎসালয়খনত। নিজৰ অতুলনীয় আৰু ব্যতিক্ৰমী কথাশিল্পৰে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰা সাহিত্যিক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অনুৰাগী সকলে।
উল্লেখ্য যে পদ্মশ্ৰী সন্মানেৰে বিভূষিত বৰাদেৱে লাভ কৰিছে অসম উপত্যকা সাহিত্য বঁটা, সাহিত্য অকাডেমি বঁটাৰ লগতে সৰস্বতী সন্মান।