ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱা-নহোৱাক লৈ শিক্ষাৰ্থীসকল যথেষ্ট উৎকণ্ঠাত ভুগিবলগীয়া হৈছে। এনে উৎকণ্ঠাৰ মাজতে আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিশেষ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ লগতে হাই মাদ্ৰাছাৰ পৰীক্ষাও অনুষ্ঠিত হ’ব। অৱশ্যে কেতিয়ালৈ পৰীক্ষা অনুষ্ঠিত হ’ব সেয়া কিছু দিনৰ পিছতহে স্পষ্ট হ’ব বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।