ক’ভিড পৰিস্থিতি উন্নত হ’লেই ১৫ দিনৰ ভিতৰতেই অনুষ্ঠিত হ’ব ‘হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা’ পৰীক্ষা।
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ কৰ্তৃপক্ষৰ সৈতে আছুৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখনতে ছেবাই এই কথা জানিবলৈ দিয়ে।
বৈঠকখনত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, দিপাংক নাথ, শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটা দল।
ক’ভিড পৰিস্থিতিৰ মাজতে কি দৰে অনুষ্ঠিত কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা তাক লৈ ছেবাৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা আছুৰ।
ছেবাই জানিবলৈ দিয়া অনুসৰি ক’ভিড মহামাৰী সংক্ৰমণ শাম কটাৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰা হ’ব ৷ ৫ দিনৰ পিছত পুনৰ ছেবাৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত আছুৰ আলোচনা হ’ব ৷
Photo: GoogleB