পাটিয়ালাত অনুষ্ঠিত হৈ থকা চলিত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স (আইজিপি) ৪ত ভাৰতীয় মহিলা ৪×১০০ মিটাৰ ৰিলেত ধিং এক্সপ্রেছ হিমা দাস আৰু দুতি চান্দৰ যুগলবন্দীয়ে এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।
২০১৬ চনত, পূর্বৰ শ্ৰেষ্ঠ সময়তকৈ ০.০৫ ছেকেণ্ড অগ্ৰগতি লাভ কৰি হিমা, দুতি, ধনলক্ষ্মী আৰু অৰ্চনা সুচিনট্ৰানৰ সন্মিলনত দলটোৱে ৪×১০০ ৰিলে দৌৰত ৪৩.৩৭ ছেকেণ্ডত সম্পূৰ্ণ কৰিছিল। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইটাৰযোগে এই কৃতিত্ব অৰ্জন কৰা আটাইকেইগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে।
আনহাতে, ২৫ বছৰীয়া ডিচকাছ থ্ৰ’ প্ৰতিযোগিতাত কমলপ্ৰীত কৌৰেও দ্বিতীয়বাৰৰ বাবে একেখন খেলৰ শাখাতে এটা নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁ জুলাইত আৰম্ভ হ’বলগীয়া টকিঅ’ ২০২০ অলিম্পিকৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।