ৰাজ্যক দ্ৰুতগতিত স্পৰ্শ কৰিছে ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে। এই পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। যিসমূহ জিলাত ১০০তকৈ অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে সেইসমূহ জিলাত কাইলৈৰ পৰা অৰ্থাৎ ২৭ এপ্ৰিলৰ পৰা বিদ্যালয়সমূহত অষ্টম শ্ৰেণীলৈকে সম্পূৰ্ণ বন্ধ থাকিব। এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পূৰ্বে পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছিল।
লগতে তেওঁ কয় যে, বিদ্যালয়সমূহত নৱম আৰু দশম শ্ৰেণীৰ পাঠদান ৫০ শতাংশৰ ভিত্তিত চলি থাকিব।
যিকেইখন জিলাৰ বিদ্যালয়সমূহ অষ্টম শ্ৰেণীলৈকে সম্পূৰ্ণ বন্ধ থাকিব,
সেই জিলাসমূহৰ নাম ক্ৰমে- চিৰাং, বিশ্বনাথ,বাক্সা,মাজুলী, ডিমা হাচাও, চৰাইদেউ, হাইলাকান্দি, দক্ষিণ শালমৰাৰ, পশ্চিম কাৰ্বি আংলঙৰ বাহিৰে বাকী সকলো জিলাত বিদ্যালয় অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব।
ইফালে ক’ভিড সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, এই সপ্তাহত বৃদ্ধি হ’ব পাৰে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ।
যিকোনো জিলাতে ১০০ ক’ভিড আক্ৰান্ত ৰোগী ধৰা পৰিলে অষ্টম শ্ৰেণী লৈকে বন্ধ থাকিব স্কুল ।
মন্ত্ৰী গৰাকীয়ে লগতে কয় যে GMCH ত ICUৰ সংখ্যা ৯২, MMCHত ICUৰ সংখ্যা ২৪,কালাপাহাৰত ICUৰ সংখ্যা ৩৪ খন, ১৫০টা মুঠ ICU আছে ক’ভিড আক্রান্ত ৰোগীৰ বাবে। অহা সপ্তাহত ICUৰ সংখ্যা বৃদ্ধি পাব বুলি কয় মন্ত্ৰী গৰাকীয়ে।
Photo: Facebook