বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত বোকাখাতৰ বৰজুৰীত অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সমষ্টি বোকাখাতত এক বিশাল নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে, সমষ্টিটোৰ প্ৰতিগৰাকী দৰিদ্ৰ আৰু মধ্যবিত্ত মহিলাকে অৰুণোদয় প্ৰদান কৰা হ’ব।
অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰা ৮৩০ টকা বঢ়োৱাই আমি মাহিলীকৈ দিম ৩০০০ টকা।
For decades, our state has been neglected by Congress governments. It is under the leadership of Hon PM shri @narendramodi ji that Assam has witnessed sweeping changes in every direction. #AssamElections2021 pic.twitter.com/jtrTE1kaSu
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) March 25, 2021
ভাষণত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য প্ৰদান কৰি কয় যে,
কংগ্ৰেছৰ সূতা, কম্বল, লুঙিৰ ৰাজনীতি এৰি বিজেপি মিত্ৰজোঁটে নতুন নতুন জনকল্যাণমূলক আঁচনি প্ৰদান কৰিছে।
বদৰুদ্দিনে মহিলাসকলক সন্তান জন্মদিয়া আঁচনিহে প্ৰদান কৰিব।
এইবাৰ নিৰ্বাচনত অতুল বৰাই বিপুল ভোটত জয়ী হ’ব বুলিও মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
Photo Credit: Twitter