গোলাঘাটত আমি এক বিশেষ উদ্দেশ্যত আহিছিলো।
অজন্তা নেওগৰ লগত একেলগে কংগ্ৰেছ দল কৰিব।
যিসকল কাৰ্যকৰ্তা আছিল তেওঁলোকৰ আজি আমাৰ দলত যোগদানৰ এটা অনুষ্ঠান আছিল।
আৰু বিশেষকৈ আমাৰ দললৈ আদৰণি জনোৱাৰ বাবে আজি আমি ইয়াত উপস্থিত হৈছো।
‘ভালে হৈছে আছু অৰাজনৈতিক নহয়। আছুৱে নিৰ্বাচন খেলিব লাগে।
সমষ্টিয়ে সমষ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে।
আৰু আছুৱে নিজকে নিজে এবাৰ দৰ্শন কৰিব লাগে।’- আছুৰ সাধাৰণ সম্পাদকে কোৱা এই মন্তব্যক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰদান কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
‘তেওঁলোক হৈছে বিচিত্ৰ মানুহ। এজনে ক’ব ৰাজনৈতিক, দুদিনৰ পিছত ক’ব অৰাজনৈতিক।
এজনে ক’ব আমি অৰাজনৈতিক হৈয়ো ৰাজনৈতিক দলক সমৰ্থন কৰিম।
ইমান টান টান ব্যাকৰণ মই বুজি নাপাও।
মোৰ চিধা কথা আছুই লগ হৈ নিৰ্বাচনত যুঁজ দিব লাগে।
আৰু নিজৰ চিহ্নটোটে যুঁজিব লাগে।’- আছুৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ পৃথক-পৃথক মন্তব্যক লৈ এই মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
‘কংগ্ৰেছৰ প্ৰেম মিঞা প্ৰেম আৰু মিঞাসকলে কৈছে যে শংকৰদেৱ কলাক্ষেত্ৰত আমি নীলা লুঙী স্থাপন কৰিব লাগে।
গতিকে তেওঁলোকৰ এয়াই প্ৰেম।’- এই মন্তব্যৰে কংগ্ৰেছক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ।
তেওঁলোকে যেনে তেনে দিছপুৰ জিকিব লাগে।
তেওঁলোকৰ এবাৰ মন্ত্ৰী হোৱাৰ ইচ্ছা আছে। কিন্তু তেনেকেটো নহয়।
‘অসমৰ মানুহে বহুদিন ধৰি কৈ আছিল যে কাজিৰঙাৰ মানুহখিনিক যদি উচ্ছেদ কৰি দিয়ে।
গঁড় হত্যা নোহোৱা হ’ব।
যোৱা দুবছৰ ধৰি যে গঁড় হত্যা নোহোৱা হ’ল, এতিয়া অসমৰ মানুহে কংগ্ৰেছক সুধিব লাগে, আপোনালোকৰ কি বুজাবুজি আছিল যে গঁড় হত্যা ৰোধ কৰিব পৰা নাছিল।’- কাজিৰঙাৰ মানুহক উচ্ছেদ কৰা প্ৰসংগত এই মন্তব্য মন্ত্ৰী শৰ্মাৰ।
‘মিঞা আৰু অসমীয়াৰ যুঁজখনটো কংগ্ৰেছেই আৰম্ভ কৰিছে।
শ্বেৰমান আলীৰ জৰিয়তে। যিসকলে বৰদোৱা থানখন বাংলাদেশীৰ হাতত গতাই দিলে।
তেওঁলোকে কোনটো স্বাভিমানৰ কথা কয়।’- কংগ্ৰেছৰ বিৰুদ্ধে এই বুলি তীৰ্যক মন্তব্য প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Photo: Google