নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰৰ লগতে চলিছে এতিয়া শীতল বাকযুদ্ধ ৰাজনৈতিক নেতাসকলৰ মাজত।
এজনে আনজনক কৰি আছে তীব্ৰ কটাক্ষ।
শেহতীয়াকে বিজেপিৰ অন্যতম বিতৰ্কিত হোজাইৰ বিধায়ক শিলাদিত্য দেবে টিকট নাপাই দলত্যাগ কৰাত ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছে।
ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলাদিত্য দেৱে দলত্যাগ কৰা সন্দৰ্ভত কটাক্ষ কৰি কয় যে, ‘দেখা যাওকচোন কি হয়।
পদত্যাগ কৰিছে নে কৰা নাই, আজিৰ দিনটো পাৰ হ’বলৈ দিয়ক।’
ইফালে প্ৰথম পৰ্যায়ত ডিষ্টিংচন পাব, ৰিপুন বৰাৰ এই মন্তব্যক লৈ তীব্ৰ সমালোচনামূলক মন্তব্য প্ৰদান কৰি কয় যে, ‘ডিষ্টিংচন পাব কিন্তু ছেবাত নহয়, বাংলাদেশ ছেবাত।
বাংলাদেশত তেওঁ বাংলাদেশী মানুহৰ মাজত, আজমলৰ লগ লাগি তেওঁ মুখ্যমন্ত্ৰী হ’ব পাৰিব। কোনো অসুবিধা নায়।’
বিজেপিয়ে ছিণ্ডিকেট চলাই আছে, দিলীপ পালৰ এই অভিযোগ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰি কয় যে,
‘অসমত যিমান বিজেপি দেখিব, কম-বেছি পৰিমাণে সকলো নতুনেই, নৰেন্দ্ৰ মোদী অহাৰ পিছতে বিজেপিত নতুন নতুন মানুহ আহিব ধৰিছে।
আমিও বিজেপিত নতুন, সেই কথাটো অস্বীকাৰ কৰি লাভ নাই।
টিকট নাপালে কিবা এটাটো ক’বয়ে।
দায়িত্বত থাকোতে যদি ক’লে হয় তেতিয়া কিবা ব্যৱস্থা ল’ব পৰা গ’ল হয়।’
শিলাদিত্য দেৱে মন্তব্য কৰিছিল যে, তেওঁক গোৰ মাৰি বিজেপিৰ পৰা উলিয়াই দিয়া হৈছে।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, আজিৰ দিনটো অপেক্ষা কৰক, সকলো বুজি পাব।
Photo: Twitter