সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিলে ৰণজিৎ কুমাৰ দাস,অতুল বৰা, ইউ জি ব্ৰহ্ম,পৰিমল শুক্লবৈদ্য,চন্দ্রমোহন পাটোৱাৰী,কেশৱ মহন্ত,ৰনোজ পেগু,সঞ্জয় কৃশান, যোগেন মোহন,অজন্তা নেওগ,অশোক সিংহাল, পিয়ুষ হাজৰিকা আৰু বিমল বৰাই।
ইফালে মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব প্ৰথমটো টুইট।
প্ৰতিগৰাকী অসমবাসীৰ শ্ৰীচৰণত সেৱা আগবঢ়াই আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেশপ্ৰেমৰ পৱিত্ৰ আদৰ্শ অনুকৰণ কৰি পৱিত্ৰ অসমভূমিক সততা আৰু নিষ্ঠাৰে সেৱা কৰাৰ সংকল্পৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ ৷ pic.twitter.com/zZ8hnpGXrh
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 10, 2021
টুইটাৰযোগে তেওঁ লিখিলে যে,
প্ৰতিগৰাকী অসমবাসীৰ শ্ৰীচৰণত সেৱা আগবঢ়াই আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেশপ্ৰেমৰ পৱিত্ৰ আদৰ্শ অনুকৰণ কৰি পৱিত্ৰ অসমভূমিক সততা আৰু নিষ্ঠাৰে সেৱা কৰাৰ সংকল্পৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিলো ৷
Photo: Twitter