কাইলৈ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব উজনি অসমত।
নিৰ্বাচনৰ পূৰ্বে মঙলদৈত বিহু আৰু লকডাউনক লৈ মন্তব্য প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘এইবাৰ বিহু হ’বই, নিৰ্বাচনী সভা যদি অনুষ্ঠিত হৈছে তেন্তে বিহু কিয় নোৱাৰি।’
অসমত ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা নাই সেইকাৰণে বিহুও সুন্দৰভাৱে অনুষ্ঠিত হ’ব। বিহু যদি নাপাতে শিল্পীসকলৰ হ’ব কি?
লগতে লকডাউনক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, ক’ৰোনাই নাই কৰ পৰা লকডাউন হ’ব।
নিৰ্বাচনৰ পিছতো কোনো লকডাউন নহয়।
বৰ্তমান গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, অসমত ৩টা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত বাট চাব লাগিব ২ মে’লৈ।
নিৰ্বাচনৰ ফলাফলৰ দিনলৈ ৰাজ্যত ক’ৰোনাৰ পৰিস্থিতি একেই থাকিব নে, পুনৰ ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে ৰাজ্যখনক চুই যাব সেয়া সময়তহে লক্ষনীয় হ’ব।
Photo: Google