জিলাসমূহত যদি ১০ দিনত ১০০জন বা তাতকৈ অধিক লোক আক্ৰান্ত হৈছে তেন্তে সেইসমূহ জিলাৰ এল পি স্কুলসমূহ বন্ধ কৰি দিয়া হ’ব।
প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বন্ধ কৰি দিয়া হ’ব।
ক’ভিড-১৯ প্ৰসংগত GMCHত অনুষ্ঠিত হোৱা সংবাদমেলত এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
যদি জিলাকেইখনত ১০ দিনত ১০০জন লোক আক্ৰান্ত হৈছে বা হাস্পতালত আছে তেন্তে সেইসমূহ জিলাৰ এল পি স্কুল সমূহ বন্ধ কৰি দিয়া হ’ব।
সোমবাৰৰ পৰা কামৰূপ(মেট্ৰ’), কামৰূপ(গ্ৰাম্য), ডিব্ৰুগড় , নগাঁও, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু শোণিতপুৰত বন্ধ কৰি দিয়া প্ৰাথমিক স্কুলসমূহৰ পাঠদান বন্ধ কৰি দিয়া হ’ব।
প্ৰাথমিক স্কুলসমূহ সেইসমূহ জিলাত বন্ধ হ’ব য’ত ক’ৰোনাত সক্ৰিয় লোকৰ সংখ্য়া ১০০জনতকৈ অধিক হ’ব।
জিলা উপায়ুক্তসকলে আমাক সুধি থাকিব নালাগে য’ত ১০০জনতকৈ অধিক লোক আক্ৰান্ত হয় তাত প্ৰাথমিক স্কুলসমূহ বন্ধ কৰি দিলে হ’ল।
নিয়মীয়া টেষ্ট আমি ১ লাখলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছো।
সংবাদমেলত এই কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।
সক্ৰিয় হৈ থকা ৪০৬৯টা সক্ৰিয় লোকৰ সংখ্য়াৰ ভিতৰত ৩২৫৮জনে ঘৰত আছে আৰু ৮১১জন ঘৰত আছে।
বিগত বৰ্ষত ICUৰ সংখ্যা বৃদ্ধি কৰিছিলো ১০০০ আৰু ভেণ্টিলেটৰ বিছনাৰ সংখ্যা বৃদ্ধি কৰিছিলো ১১৫৬।
বৰ্তমান অক্সিজেনবিহীন আইছ’লেচন বিছনা আছে ৩,৩০১টা, অক্সিজেন থকা বিছনা আছে ৭১৮খন, ইয়াতে ৰোগী আছে ১৩৭জন।
বৰ্তমান ক’ভিড ৰোগীৰ বাবে ICUৰ বিছনা আছে ৬৭খন আৰু ভেণ্টিলেটৰত আছে ১৭খন।
অক্সিজেনৰ নাটনি আমি সন্মুখীন কৰিবলগীয়া নহয়।
অধিক ৰোগী আহিলে ক’ব নোৱাৰো কিন্তু এতিয়ালৈ আছে আমাৰ অক্সিজেন।
বিগত বৰ্ষত ১৯টা অক্সিজেন প্লেণ্ট প্ৰস্তুত কৰিছো।
৪৫ দিনৰ ভিতৰত প্ৰতিখন জিলা হাস্পতালত অক্সিজেন প্লেণ্ট হৈ উঠিব।
সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।
১২১৬১ ৰেমদেছিবিৰ আছে আমাৰ তাত। আজি ৫০০০ আৰু ২৫ এপ্ৰিলত ৫০০০টা ডোজ আহিব।
ৰেমদেছিবিৰৰ বজাৰ মূল্য ৪০০০। Apl ৰোগীয়ে ১৬৫২ টকা দিব লাগিব।
Bpl ৰোগীসমূহ বিনামূলীয়াকৈ লাভ কৰিব। এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্বৰ।
বৰ্তমানলৈ ১৫,৬৭,৪৩০জন লোকক ভেকচিনেচন দিয়া হৈছে।
প্ৰথমটো ডোজ দিয়া হৈছিল ১২,৮৪, ৪৩২ গৰাকীক আৰু দ্বিতীয় ডোজ দিয়া হৈছিল ২, ৮২, ৯৯৮ গৰাকী লোকক।
আমাৰ ভেকচিনেচনৰ ষ্টক আছে ৬০৭০০০।
সোমবাৰৰ পৰা ভেকচিনেচন প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব।
বিমানবন্দৰত বাহিৰৰ ক’ৰোনা পৰীক্ষা কৰোৱা প্ৰমাণপত্ৰ গ্ৰহণ কৰা নহ’ব, ইয়াত পুনৰ পৰীক্ষা কৰোৱা হ’ব।
লকডাউনৰ কোনো পৰিকল্পনা নাই বুলিও ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
স্বাস্থ্য বিভাগ হিচাপে একো ক’ব বিচৰা নাই। দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নকৰিলে বেয়া হ’ব।
ছেৱাই প্ৰতিবেদন দিব, চৰকাৰেও দিব।
ক’ভিড পৰিস্থিতি কেনেকুৱা হ’ব তাক লৈহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
Photo: Headline8