নিৰ্বাচনলৈ আছেনো মাথো কিমান দিন কিন্তু এতিয়াও দিবলৈ এৰা নাই এটাৰ পিছত আনটো টোপ।
টোপ নে প্ৰতিশ্ৰুতি সেয়া সময়ত নিশ্চয় দেখিবলৈ পাম কিন্তু এইখিনিতেই এটা জতুৱা ঠাঁচৰ কথা বাৰুকৈয়ে মনত পৰিছে- ‘আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা।’
এই জতুৱা ঠাঁচটো লিখাৰ কাৰণটো হ’ল সৌ সেইদিনা প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি কৈ থৈ গৈছিল যে,
অসমত যদি এইবাৰ কংগ্ৰেছৰ চৰকাৰ আহে তেন্তে ৫ বছৰত ৫ লাখ চাকৰি প্ৰদান কৰা হ’ব যুৱক-যুৱতীসকলক।
কংগ্ৰেছে দিলে বাৰু সেয়া লাগে প্ৰতিশ্ৰুতিয়ে হওক বা টোপেই হওক।
কিন্তু এটা দলৰ পিছত আনটো দলেও সেই একেই দি গ’ল প্ৰতিশ্ৰুতি।
বিৰোধী দল কংগ্ৰেছৰ পিছত এইবাৰ বিজেপিয়ে দিলে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি।
কংগ্ৰেছে দিছিল ৫ বছৰত ৫ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি আৰু ইফালে এখোপ চৰা বিজেপি।
তেওঁলোকে দিলে ৫ বছৰত ১০ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি।
অৰ্থাৎ ১ বছৰত ২ লাখকৈ যুৱক-যুৱতীক প্ৰদান কৰিব চাকৰি।
আনকি চৰকাৰ গঠন কৰাৰ এবছৰৰ ভিতৰতে ৰাজ্যৰ ১ লাখ শিক্ষিত নিৱনুৱালৈ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দেওবাৰে মাৰ্ঘেৰিটাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে এই চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি।
কেৱল এয়াই নহয় আধুনিক পদ্ধতিৰে পুনৰ মাৰ্ঘেৰিটাত কয়লাৰ খনন কাৰ্য চলাব।
জাগুনত এখন ডিগ্ৰী কলেজ স্থাপন কৰিব। ডিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ স্থাপন কৰিব।
এইসমূহ প্ৰতিশ্ৰুতি প্ৰদানেৰে ৰাইজক মন মুহিবলৈ চেষ্টা চলালে মন্ত্ৰীগৰাকীয়ে।
প্ৰতিশ্ৰুতি বাৰু ঠিকেই আছে, কিন্তু প্ৰতিশ্ৰুতি সদায় প্ৰতিশ্ৰুতি হৈয়ে থাকি গ’লে ৰাইজৰ মনত থকা আশা-ভৰসা অন্তৰ্ধান হয়।
আগন্তুক বিধানসভা নিৰ্বাচনত কোনে বিজয়ৰ হাঁহি মাৰিব সেয়া সময়ত আমি সকলো প্ৰত্যক্ষদৰ্শী হ’ম কিন্তু ৰাইজক দিয়া এয়া প্ৰতিশ্ৰুতি কিমান ফলপ্ৰসু সেয়া সময়তহে লক্ষণীয় হ’ব।
Photo: Twitter