সমগ্ৰ দেশৰ লগতে ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
গুৱাহাটী মহানগৰীতো আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে।
ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্য সচিবে মঙলবাৰে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ৰাজ্যক লৈ নতুন নীতি-নিৰ্দেশনা প্ৰদান কৰিছিল।
সন্ধিয়া ৬ বজাৰ পিছত সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে ক’ভিড সম্পৰ্কীয় আৰু বহুতো নিৰ্দেশনা প্ৰদান কৰিছিল।
ইফালে বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই ঘোষণা কৰে যে,
In case the daily case rate in Guwahati Metro touches 1000, the district administration has been authorized to take a decision to close down educational institutions & hostels.
Follow 😷😷😷 👈 COVID Appropriate Behaviour
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 21, 2021
গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০০০ স্পৰ্শ কৰিলে প্ৰশাসনক শিক্ষা প্ৰতিষ্ঠানসমূহ আৰু হোষ্টেলসমূহ বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে।
ইফালে মহানগৰীৰ হোটেলসমূহলৈ প্ৰশাসনে নিৰ্দেশনা প্ৰদান কৰিছে যে,
হোটেলৰ কোঠাসমূহ শীঘ্ৰে খালী কৰক।
লগতে এই নিৰ্দেশনাও প্ৰদান কৰিছে যে,
হোটেলৰ স্বত্বাধিকাৰীয়ে দহদিনৰ ভিতৰত খালী কৰিব লাগিব হোটেলৰ কোঠা ৷
ব্যক্তিগত চিকিৎসালয়ৰ কাষত থকা হোটেলসমূহতহে প্ৰযোজ্য হ’ব এই নিয়ম ৷
Photo: Twitter