সমগ্ৰ দেশতে ক’ৰোনাৰ সন্ত্ৰাস অব্যাহত।
প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে ৰাজ্যৰ ক’ৰোনাৰ পৰিস্থিতিৰ বুজ লয়।
কিন্তু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছৰেনৰ এটা টুইটে এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়া।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ পৰিস্থিতিৰ বুজ ল’বলৈ কৰা ফোনৰ প্ৰতিক্ৰিয়া ঠাত্তামূলক হিচাপে দিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছৰেনে।
হেমন্ত ছৰেনে টুইটাৰত লিখে যে,
‘আজি আদৰনীয় প্ৰধানমন্ত্ৰীজীয়ে ফোন কৰিলে।
তেওঁ কেৱল নিজৰ মনৰ কথা ক’লে।
ভাল হ’লে হয় যদিহে তেওঁ কামৰ কথা ক’লে হয় আৰু কামৰ কথা শুনিলে হয়।
https://twitter.com/HemantSorenJMM/status/1390362987995623428?s=20
এই টুইটৰ পিছতে বিভিন্নজনে তেওঁক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে।
ইফালে এই টুইটৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও তেওঁৰ টুইটৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
তেওঁ টুইটোৰযোগে লিখিলে যে,
‘আপোনাৰ এই টুইট কেৱল নূন্যতম মৰ্যাদাৰ বিৰুদ্ধেই নহয়, সেই ৰাজ্যখনৰ জনতাৰ কষ্টৰ ওপৰত ঠাত্তা কৰাও দৰ্শাইছে, যিসকলৰ অৱস্থা জানিবলৈ মাননীয় প্ৰধানমন্ত্ৰী জীয়ে ফোন কৰিছিল।
যথেষ্ট টোগলকী কাণ্ড কৰিছে আপুনি।
মুখ্যমন্ত্ৰী পদৰ গৰিমা হানি কৰিছে আপুনি।
https://twitter.com/himantabiswa/status/1390376761620267011?s=20
কেৱল এয়াই নহয় ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই টুইটটোৰ প্ৰতিক্ৰিয়া কৰি বিভিন্নজনে লিখিছে,
এইজন কিমান নিৰ্লজ্জ মুখ্যমন্ত্ৰী, প্ৰথমবাৰ কোনো মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ঠাট্টা-মস্কৰা কৰিছে।
ঝাৰখণ্ডবাসীয়ে কেনেদৰে সহ্য কৰি আছে এনে অভদ্ৰ মানুহক।
https://twitter.com/jagurawat1/status/1390379542322188288?s=20
আৰু কোনোৱে লিখিলে, যাৰ কাম নকৰাৰ অভ্যাস আছে, তেওঁলোকে এনেধৰণৰ টুইট কৰি নিজৰ পদৰ সন্মান নিজে হানি কৰে, প্ৰধানমন্ত্ৰীয়ে জনতাৰ মনৰ হিচাপত কাম কৰে, কিন্তু আপুনি নিজৰ আৰু মিত্ৰজোঁটৰ সংগীসকলৰ সুবিধাৰ বাবে কৰে।
जिनको काम ना करने की आदत हो, वो ऐसे ट्वीट करके अपने पद का मजाक खुद ही बनवाते है, प्रधानमंत्री जनता के मन के हिसाब से काम करते है पर आप अपने और गठबंधन के साथियों के फायदे के हिसाब से।
— Nishant🇮🇳 (@iNishant4) May 6, 2021
इस पर भी तो कुछ शर्म कर लो @HemantSorenJMM !! pic.twitter.com/1oTebi4xS9
— BJYM Jharkhand (@BJYMinJH) May 7, 2021
আন এজনে বাতৰি কাকতত প্ৰকাশিত এটা বাতৰি শ্বেয়াৰ কৰি লিখিলে, এইটো লৈও অলপ লাজ কৰক।
Photo: Twitter