বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ পৰিদৰ্শন কৰি ক’ভিড-১৯ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শৰ্মাই ক’ভিডৰ পৰ্যালোচনা কৰিবলৈ পি পি ই কিট পিন্ধি আই চি ইউ পৰিদৰ্শন কৰে।
ইয়াৰ পূৰ্বে বুধবাৰে নিশা মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বুধবাৰে নিশা উলুবাৰী শ্মশান পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷
শ্মশানখনত উপস্থিত হৈ ক’ভিড আক্রান্ত হৈ মৃত্যু বৰণ কৰা লোকৰ শৱদেহ কেনেদৰে সৎকাৰ কৰা হৈছে তাৰ বুজ লয় ৷
উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত আক্রান্ত হৈছে ৪,৮২৬জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫২,০৭৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷
আক্রান্তৰ হাৰ হৈছে ৯.২৭ শতাংশ ৷ আজি সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা ২,৯১৬জন ৷
Photo: Headline8