গো ধনৰ সুৰক্ষাৰ অৰ্থে কাৰ্যভাৰ গ্ৰহণৰ দিনৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি আহিছে।বিজেপি দলেও নিৰ্বাচনী প্ৰচাৰৰ কালছোৱাৰে পৰা গো সুৰক্ষাৰ হকে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আশ্বাস দি আহিছিল। তাৰেই প্ৰতিফলনস্বৰূপে আজি বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে অসম বিধানসভাত উত্থাপন কৰা হয় অসম গো সুৰক্ষা বিধেয়ক ২০২১।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে বিধেয়কখন।
উল্লেখ্য যে গৰুৰ চোৰাং সৰবৰাহ ৰোধৰ ক্ষেত্ৰত এই আইন বিশেষভাৱে সহায়ক হ’ব বুলি আশা কৰা হৈছে।