কুইপৰ বিষয়া প্ৰণৱ গগৈ আৰু ৰাম কুমাৰৰ চৰম শাস্তিৰ কথা ঘোষণা কৰা আলফাৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা ড৹ হীৰেন গোহাঁইৰ।
কোম্পানীত কাম কৰা এই অপহৃত বিষয়া দুজন দায়ী নহয়।
আলফাই লোৱা এই সিদ্ধাান্তই অসমৰ কি উপকাৰ হ’ব?
অৰ্থহীন তথা লজ্জজনক ঘটনা এইটো। এই মন্তব্য প্ৰদান কৰে গোহাঁইয়ে।
পৰেশ বৰুৱাই এই যুক্তিহীন দাবী কৰাতকৈ যদি, কা আন্দোলনত কাৰাৰুদ্ধ কৰি ৰখা সেই সকল মুক্তিৰ দাবী জনালে হয় সেয়াই ভাল হ’লে হয়।
এই সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আলফা(স্বাধীন)ৰ সেনা প্রধান পৰেশ বৰুৱালৈ আহ্বান হীৰেন গোহাঁইৰ।
ইফালে তেওঁ আহ্বান জনালে যে- যদি আলফাৰ ইমানেই টকাৰ প্ৰয়োজন হৈছে তেন্তে ক’লা ব্যৱসায়ীৰ পৰা লওক।
Photo: Google