ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে এক ঐতিহাসিক অন্তৰ্ৱতীকালীন নিৰ্দেশযোগে ব্ৰিটিচ আমোলৰ ৰাষ্ট্ৰদ্ৰোহ আইন প্ৰয়োগৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছে। ৰাষ্ট্ৰদ্ৰোহ অপৰাধৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৩-এৰ অধীনত ৰুজু কৰা গোচৰৰ সকলো বিচাৰ,আপীল স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ এন ভি ৰামানাৰ নেতৃত্বত এই সম্পৰ্কীয় গোচৰৰ শুনানিকালত ৩ জনীয়া ন্যায়ধীশৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে।
উক্ত নিৰ্দেশত কোৱা হৈছে যে, কেন্দ্ৰই পুনৰ বিবেচনা নকৰা পৰ্যন্ত ৰাষ্ট্ৰদ্ৰোহ আইনৰ প্ৰয়োগ স্থগিত ৰখা হৈছে। এই আইনৰ অধীনত কোনো গোচৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে ৰুজু কৰিব নোৱাৰিব। লগতে এই আইনৰ অধীনত পূৰ্বে ৰুজু হোৱা গোচৰৰ ভিত্তিত কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত এতিয়া কাৰাবন্দী লোকসকলে এতিয়া জামিনৰ বাবে আৱেদন কৰিব পাৰিব।