দেশত এতিয়া চলিছে ক’ৰোনা সংক্ৰমণৰ ভয়াবহ ৰূপ।
ভিন্ন স্থানত ভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰে।
লগতে দেশৰ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বৃহস্পতি বাৰৰ পৰা দেশৰ সমূহ ঐতিহাসিক স্থানসমূহ পৰ্যটকৰ বাবে বন্ধ কৰি দিবলৈ নিৰ্দেশ দিছে।
বৰ্দ্ধিত ক’ৰোনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্তত উপনীত হৈছে বুলি জানিবলৈ দিছে পুৰাতত্ব বিভাগৰ সঞ্চালক এন কে পাঠকে।
১৫ মে’লৈ বন্ধ থাকিব দেশৰ সকলো ঐতিহাসিক পৰ্যটনস্থলী।
All monuments & museums under @ASIGoI to be closed till 15th May 2021 due to COVID spike. https://t.co/9DvJnRBE2t
— Archaeological Survey of India (@ASIGoI) April 15, 2021
অসমতো ১৫ লৈ বন্ধ হৈ পৰিব তলাতল ঘৰ ,ৰংঘৰ,কাৰেং ঘৰকে ধৰি আন আন ঐতিহাসিক পৰ্যটনস্থলী সমূহ।
Photo Credit :Google