আজি ৭ বহাগৰ দিনটোতে সতী সাধনী দিৱস হিচাপে পালন কৰা হয়।
এই দিৱস পালন কৰাৰ কিছু ইতিহাস সোমাই আছে।
সেয়া হ’ল চুতীয়া সকলৰ নৱম ৰজা আছিল ধীৰনাৰায়ণ।
আনুমানিক ১৫০৪ খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্যত ৰাজত্ব কৰিছিল ৰজা ধীৰনাৰায়ণ।
ৰজাজনৰ বহুদিন ধৰি কোনো সন্তান নাছিল। পিছত এগৰাকী কন্যা সন্তানৰ জন্ম হয়।
ৰজা ধীৰনাৰায়ণে কন্যা গৰাকীৰ নাম ৰাখিছিল সাধনী। ৰজাই শিক্ষা দি সকলোতে পাৰ্গত কৰি তুলিছিল সাধনীক।
লাহে লাহে সাধনী ডাঙৰ হৈ গাভৰু হ’ল। সাধনীৰ বিয়াৰ বাবে ৰজাই উপযুক্ত পাত্ৰ বিচাৰি সয়ম্বৰ পাতিলে।
সয়ম্বৰত ৰজাই ঠিৰাং কৰিলে যে যিয়ে গছত বগাই থকা কেৰ্কেটুৱা এটা শৰবিদ্ধ কৰিব পাৰিব তেওঁলৈ সাধনীক বিয়া দিয়া হ’ব।
সকলো ৰাজপুত্ৰই চেষ্টা কৰিলে নোৱাৰিলে কিন্তু নিতাই নামৰ এজন সাধাৰণ যুৱকে কেৰ্কেটুৱাক শৰবিদ্ধ কৰিব পাৰিলে।
লগে লগে ৰজা সন্তুষ্ট হৈ সাধনীৰ বিয়া নিতাইৰ লগত পাতিলে।
তাৰ পিছতে নীতিপাল নাম লৈ চুতীয়া ৰাজ্যৰ শাসনভাৰ ল’লে ।
নীতিপালৰ শাসনভাৰ ইমান দুৰ্বল আছিল যে ইয়াৰ সুযোগ লৈ আহোম সকলে চুতীয়া ৰাজ্য আক্ৰমণ কৰে ।
১৫২৪ খ্ৰীষ্টাব্দত ৭ বহাগৰ দিনাখন আহোম সকলৰ আক্ৰমণত ৰাণী সাধনীয়ে যুদ্ধত নামি পৰ্বতৰ শিল বগৰাই আহোম শত্ৰুক বধ কৰিলে কিন্তু আহোম সেনাপতিয়ে সাধনীৰ স্বামী নীতিপালক হত্যা কৰে।
স্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।
সেই দিনটোৰ পৰাই ৭ বহাগ তাৰিখে সতী সাধনী দিৱস হিচাপে পালন কৰি আহিছে।
Photo Credit : Google