মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক গোটৰ নেতা একনাথ সিন্দেৰ সমৰ্থনত মহানগৰীত দেখা গ’ল হ’ৰ্ডিং। ৰেডিচন ব্লুৰ পৰা প্ৰায় ৪০০ মিটাৰ নিলগত লগোৱা এই হ’ৰ্ডিংক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ।
হ’ৰ্ডিংখনত শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰে, একনাথ সিন্দে আৰু আনন্দ দীঘেৰ ফটো সন্নিৱিষ্ট কৰা হয়। লগতে লিখা আছে এষাৰি সংলাপ “গৰ্ব চে কহৌ হম হিন্দু হে, সিন্দে চাহাব হম আপকে চাথ হে”। ইয়াৰ লগতে দিয়া হৈছে হেচটেগ HindutvaForever। হ’ৰ্ডিঙৰ একেবাৰে তলৰ অংশত আছে শিৱ নাৰায়ণ আৰু বালা মুতলিয়াৰ নামৰ দুজন ব্যক্তিৰ ফটো। হ’ৰ্ডিংখন এই দুগৰাকী ব্যক্তিয়েই আঁৰিছে নে আন কোনোবাই আঁৰিছে সেয়া এতিয়াও অস্পষ্ট।