পুনৰ মছজিদৰ ধৰ্মগুৰুৱে সংঘটিত কৰিছে যৌন নিৰ্যাতনৰ ঘটনা।খবৰ অনুসৰি শুক্ৰবাৰে লংকাৰ উদালিৰ মছজিদৰ এজন ইমামে এগৰাকী কণমানি কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ এই জঘন্য কাণ্ড সংঘটিত কৰে।ঘটনাৰ সময়ত কিশোৰীগৰাকীৰ মাতৃ কিছু কামৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই যাবলগীয়া হৈছিল। ইয়াৰে সুযোগ লৈ আব্দুল ছামাত নামৰ লম্পত ইমাম জনে ঘৰৰ ভিতৰা প্ৰৱেশ কৰি কিশোৰীগৰাকীৰ লগত এই বিভৎস কাণ্ড সংঘটিত কৰে।
সম্প্ৰতি নাবালিকা গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে আব্দুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।ইয়াৰ পিছতেই আৰক্ষীয়ে আব্দুলক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে নিজৰ জিম্মালৈ আনে।