আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ অমৰনাথ যাত্ৰা। ইতিমধ্যে প্ৰায় ২,৭৫০ তীৰ্থযাত্ৰীয়ে দক্ষিণ কাশ্মীৰ হিমালয়স্থিত অমৰনাথৰ বাবে ৰাওনা হৈছে। অনন্তনাগ জিলাৰ উপায়ুক্ত পীযুষ সিংগলাই কাশ্মীৰj পহলাগামৰ পৰা সেউজীয়া পতাকা দেখুৱাই এই যাত্ৰী সকলৰ যাত্ৰা আৰম্ভ কৰায়। তেওঁ কয় যে ৪৩ দিনীয়া অমৰনাথ যাত্ৰাৰ সুকলমে পাৰ কৰাবলৈ সকলো ধৰণৰ ব্যৱস্থায়েই কৰা হৈছে।
তেওঁ কয় যে, আমি নিশ্চিত কৰিছো যে তীৰ্থযাত্ৰী সকলে সুৰক্ষিত অনুভৱ কৰক আৰু সকলো শান্তি পূৰ্ণভাৱে হৈ যাওক। আশা কৰো তীৰ্থযাত্ৰী সকলে পৱিত্ৰ গুহাত থকা শিৱলিংগৰ দৰ্শন শান্তিপূৰ্ণ ভাৱেই কৰক। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হাই বুধবাৰে পুৱা জম্মু চহৰৰ ভগৱতী নগৰ আধাৰ শিৱিৰৰ পৰা বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে ৪,৮৯০ গৰাকী তীৰ্থযাত্ৰীক কাশ্মীৰৰ পহলগাম আৰু বালতাল আধাৰ শিৱিৰৰ যাত্ৰাৰ বাবে ৰাওনা কৰায়।
উল্লেখ্য যে প্ৰায় ৩ বছৰৰ অন্তত এইবাৰ হৈছে অমৰনাথ যাত্ৰা। গতিকে এইবাৰ যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণাও আছে যাৰ ববাে অনলাইন দৰ্শনৰ ব্যৱস্থাও কৰা হৈছে। এই অমৰনাথ যাত্ৰা ১১ আগষ্টত অন্ত পৰিব।