আজি পালন কৰা হৈছে পবিত্ৰ ঈদ-উজ-জোহা। ই ধৰ্মীয় উৎসৱ তথা ত্যাগৰ বকৰি ঈদ। বকৰি ঈদ আৰু কোৰবানি ঈদ নামেৰে অভিহিত এই উৎসৱৰ মূল প্রতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। নবী ইৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাহৰ ইচ্ছাত কোৰবানি কৰিবলৈ ওলোৱাৰ স্মৃতিক সাৰোগত কৰিয়ে ইছলাম ধৰ্মাৱলম্বী জনগণে পালন কৰি আহিছে এই ধৰ্মীয় উৎসৱ। এইবাৰো পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি অনুসৰি এই উৎসৱ পালন কৰিছে ইছলামধৰ্মী ৰাইজে।
ঈদৰ প্ৰাকমুহূৰ্তত ইছলামধৰ্মীসকলৰ ঘৰে ঘৰে বিৰাজ কৰিছে উৎসাহপূর্ণ পৰিবেশ। ৰাজহুৱা নামাজত অংশগ্ৰহণ কৰিছে শিশু, কিশোৰৰ পৰা বৃদ্ধলৈ। পবিত্ৰ ঈদ উপলক্ষে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৰাজ্যৰ ইছলামধৰ্মী জনগণক আন্তৰিক শুভেচ্ছা জনাইছে আৰু এই পৱিত্ৰ উৎসৱে ৰাজ্যৰ জনগণৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি আশা ব্যক্ত কৰিছে।
ঈদ-উজ-জোহা উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ বাবে ঈদ-উজ-জোহা এক পৱিত্ৰ উৎসৱ। এই উৎসৱে মানৱতাবোধৰ আদৰ্শৰে সকলোকে আগৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। ঈদ-উজ-জোহা উদ্যাপনে ত্যাগ, কণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰি সমাজত ঐক্য-শান্তি, সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।