বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অসম আৰক্ষীৰ তীব্ৰ অভিযান। প্ৰায় প্ৰতিটো দিনতে গ্ৰেপ্তাৰ হৈছে নিষিদ্ধ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত বহু লোক। আৰক্ষীৰ এনে তৎপৰতাৰ বিপৰীতে অপৰাধী চক্ৰইও উলিয়াইছে ড্ৰাগছ সৰবৰাহৰ নতুন পথ।
শেহতীয়াভাৱে জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে ব্ৰাউন চুগাৰৰ দৰে ড্ৰাগছ যোগান দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীত।
ইতিমধ্যেই ড্ৰাগছৰ হোম ডেলিভাৰীত জড়িত তিনি সৰবৰাহকাৰীক মহানগৰীৰ দক্ষিণ শৰণীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে। এই তিনি সৰবৰাহকাৰীৰ নাম হ’ল শুভাংকৰ সৰকাৰ, ব্ৰজেন দাস আৰু গায়ত্ৰী ৰয়।
সৰবৰাহকাৰীসকলৰ পৰা আৰক্ষীয়ে ৬ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু ১৩ টা কণ্টেইনাৰৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত স্কুটীখনো জব্দ কৰিছে।এই তিনি অপৰাধীৰ ভিতৰত ব্ৰজেন দাসে ছুইগীৰ জৰিয়তে ঘৰে ঘৰে খাদ্য-সামগ্ৰী যোগান ধৰে।
ইতিমধ্যেই আৰক্ষীয়ে এনে দৰে ছুইগী- জমেট’ৰ ডেলিভাৰী বয়ৰ পৰিচয়েৰে মহানগৰীৰ ঘৰে ঘৰে ড্ৰাগছ যোগান দিয়া আৰু বহুজনৰ খবৰ লাভ কৰিছে আৰু সেইসকলৰ সন্ধানত অনুসন্ধান চলি আছে।
ইফালে চানমাৰি আৰক্ষীয়ে দুটা পৃথক অভিযান চলাই বাপধন পাঠক আৰু আয়ুব আলী নামৰ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে দুয়োৰে পৰা ৪৩ গ্ৰাম হেৰ’ইন আৰু নগদ ১১,৬২০ টকা জব্দ কৰে।
বোন্দাতো অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মণ্টু দেউৰী, যতীন কলিতা, বিকাশ ৰয় আৰু বিটো চোনাৰ নামৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক।