আৰক্ষী চকীত স্পনছৰ কৰা নামফলকবোৰ আঁতৰাবলৈ গৃহ বিভাগে জাৰি কৰিছে নিৰ্দেশনা ৷ গৃহ বিভাগে এই নিৰ্দেশনা গুৱাহাটীৰ বহুতো আৰক্ষী চকীলৈ জাৰি কৰিছে৷ আৰক্ষী বিভাগক পক্ষপাতহীন কৰি তুলিবলৈ চৰকাৰে প্রয়াস কৰিছে|
উল্লেখযোগ্য যে, এই বাৰ্তাটো হোৱাটছএপ যোগে সকলো আৰক্ষী চকীলৈ প্রেৰণ কৰিছে| গৃহ বিভাগে সকলো স্পনছৰ কৰা নামফলকসমূহ আঁতৰাবলৈ ২৪ ঘন্টা সময়সীমা ধৰি দিছে|