আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে পশ্চিমবংগৰ পুৰুলিয়াৰ জংগলমহলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী সভা সম্বোধন কৰে।
সেই সময়ছোৱাতে তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লৈ আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে।
তেওঁ ক’লে যে, আপোনালোকৰ গুৰুতৰ ৰোগ হ’লে কলকাতালৈ যাব লাগে।
আমি নিৰ্ধাৰণ কৰিছো যে, জংগলমহলত আমি নতুন এইমছ নিৰ্মাণ কৰি আদিবাসী আৰু কুৰ্মী ভাতৃসকলক স্বাস্থ্যৰ আধুনিক সুবিধা প্ৰদান কৰিম।
অমিত শ্বাহে উত্থাপন কৰিলে পানীৰ সমস্যাৰ প্ৰসংগ
জনসভাখন সম্বোধন কৰি অমিত শ্বাহে খোৱা পানীৰো প্ৰসংগ উত্থাপন কৰিলে।
তেওঁ ক’লে,’পুৰুলিয়াত আপোনালোকক খোৱা পানী ঘৰৰ টেপৰ পৰা পাই নেকি?
মমতা দিদিয়ে আপোনালোকক ফ্লৰাইডযুক্ত পানী খুৱাই।
এবাৰৰ বাবে দিদিক ইয়াৰ পৰা উলিয়াই দিয়ক, ১০,০০০ কোটি ব্যয়ৰ বিশুদ্ধ পানীৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰি দিব।
তেওঁ লগতে ক’লে যে,’ইয়াত পূৰ্বে বাওপন্থীসকলে উদ্যোগ স্থাপন হ’বলৈ নিদিলে, ইয়াৰ পিছত দিদিয়ে ইয়াৰ পৰা উদ্যোগসমূহ ওলাই দিয়াৰ কাম কৰিলে।
TMCয়ে হওক বা বাওপন্থীয়ে, এওলোকে কৰ্মসংস্থাপন দিব নোৱাৰে।
কৰ্মসংস্থাপন লাগে যদি ইয়াত NDAৰ চৰকাৰ গঠন কৰক।
বিজেপি চৰকাৰ গঠন হ’লে পাব ১৮ হাজাৰ টকা
অমিত শ্বাহে ক’লে,’ বিজেপিয়ে নিৰ্ধাৰণ কৰিছে যে,
পশ্চিমবংগত যদি আমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগে প্ৰতিগৰাকী কৃষকৰ ঘৰত একেলগে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৮,০০০ টকা তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰেৰণ কৰা হ’ব।
তেওঁ লগতে ক’লে যে,’আমি 250 BPOৰ জৰিয়তে ইয়াৰে আদিবাসী আৰু কুৰ্মী ভাতৃসকলক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।
প্ৰতিটো পৰিয়ালৰে ৫ বছৰত যিমান সম্ভৱ কৰ্ম সংস্থাপন দিব বিজেপি চৰকাৰে।
भाजपा ने तय किया है कि जैसे ही बंगाल में भाजपा सरकार बनती है, वैसे ही हर किसान के घर में एक साथ 18,000 रुपये उसके बैंक खाते में भेजे जाएंगे।
– श्री @AmitShah #EbarBJP pic.twitter.com/m5Obh6pR0l
— BJP (@BJP4India) March 25, 2021
আমি ৰাজহুৱা অঞ্চলৰ মহিলাসকলৰ বাবে ৩৩ শতাংশ চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
আমি প্ৰতিটো ব্লকতে একলৈব্য মডেল স্কুলো নিৰ্মাণ কৰিম। ৰাজ্যখনত মহিলাসকলৰ বাবে ৰাজহুৱা পৰিবহন বিনামূলীয়া হ’ব।
Photo: Twitter