সততাৰে কৰ্তব্য সমাপন কৰি অকলেই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা গৃহৰক্ষী বাহিনীৰ জোৱান বৰছিং বে’ক আৰক্ষী কনিষ্টবললৈ পদোন্নতি দিয়া হৈছে। শনিবাৰে বৰছিঙক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী কনিষ্টবলৰ পদত নিযুক্তিপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বৰছিং অসম আৰক্ষীৰ বাবে সাহসিকতা আৰু সততাৰ প্ৰতীক। লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আগলৈও ভাল কাম কৰা হোমগাৰ্ডক কনিষ্টবল, এছ.আই, এছ.পি আদি পদলৈ পদোন্নতি দিয়া হ’ব।