অচিৰেই মহানগৰীত বন্ধ হ’ব হুক্কা বাৰসমূহ। যোৱা ১৬ জুলাই শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমে এখন বৈঠকত এই জাননী জাৰি কৰে।
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা ঘোষণা কৰে।
গুৱাহাটী পৌৰ নিগমে জাৰি কৰা জাননী অনুসৰি পৌৰ নিগমৰ অধীনৰ সকলো হুক্কা বাৰ স্থায়ীভাৱে বন্ধ কৰা হ’ব। বিগত ৫ জুনত পৌৰ নিগমৰ অধীনৰ সকলো হুক্কা বাৰ ক’ভিড ১৯ সংক্ৰমনৰ বাবে বন্ধ কৰা হৈছিল।