নগাঁৱৰ চি আৰ পি এফ কেম্পত ক’ৰোনাৰ সংহাৰী ৰূপ ৷ এক প্ৰকাৰে ক’ভিডৰ হটস্পটলৈ পৰিণত হৈছে নগাঁৱৰ কাটিমাৰীস্থ চি আৰ পি এফৰ ৩৪নং বেটেলিয়ান শিবিৰ। চি আৰ পি এফৰ শিবিৰটোৰ ১৫জনকৈ জোৱানৰ দেহত ধৰা পৰিছে ক’ভিড ৷ যোৱা দুই-তিনিদিন ধৰি জ্বৰ-কাহত ভূগি আছিল চি আৰ পি এফৰ জোৱানকেইজন। ইয়াৰ পিছতে মঙ্গলবাৰে কেম্পটোৰ বহুকেইগৰাকী জোৱানক আৰ-টি পি চি আৰ পৰীক্ষা কৰা হয়। আৰ-টি পি চি আৰ টেষ্টত ১৫জনকৈ জোৱানৰ দেহত ধৰা পৰে ক’ৰোনাৰ সংক্ৰমণ। ইতিমধ্যে আক্ৰান্ত জোৱান কেইজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমানেও আন বহু জোৱানৰ আৰ-টি পি চি আৰ টেষ্টৰ ফলাফল আহিবলৈ বাকী। সেয়েহে সংক্ৰমিত জোৱানৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰিছে নগাঁৱৰ স্বাস্থ্য বিভাগে।