শীঘ্ৰেই সমগ্ৰ অসমতে আৰম্ভ হ’ব বৈদ্যুতিক ৰে’ল সেৱা। ইতিমধ্যে গুৱাহাটীস্থিত কামাখ্যা ৰে’ল ষ্টেচনত বৈদ্যুতিক ৰে’লসেৱাৰ পৰীক্ষণ সম্পন্ন হৈছে। কিছু বিশেষ কাৰণৰ বাবে কামাখ্যা ষ্টেচনৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনলৈ এই সেৱাৰ কাম বন্ধ হৈ আছিল যদিও, বৰ্তমান সময়ত বৈদ্যুতিকৰণৰ কাম সম্পন্ন কৰিবৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই বিভিন্ন অসুবিধা আতঁৰাই জোৰদাৰ গতিত কাম আৰম্ভ কৰিছে।
ৰে’লৱেৰ বৈদ্যুতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত হেডলাইন৮ ৰ এই প্ৰতিনিধিয়ে উত্তৰ-পূৱ সীমান্ত ৰে’লসেৱা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যৰ সৈতে কথা পাতিছিলো। তেখেতে জনোৱা অনুসৰি-
উত্তৰ-পূৱত বৈদ্যুতিক ৰে’ল সেৱা আৰম্ভ কেনেকৈ?
উত্তৰ-পূৱ বৈদ্যুতিক ৰে’লসেৱাৰ প্ৰথমে আৰম্ভ হৈছিল কাটিহাড় ষ্টেচনলৈ। দ্বিতীয়তে,কাটিহাড়ৰ পৰা নিউ জলপাইগুৰি তাৰ পাছত ক্ৰমে কোচঁবিহাৰ, শ্ৰীৰামপুৰ ৰে’ল বৈদ্যুতিকৰণ আৰম্ভ হৈছে যদিও বৰ্তমানে শ্ৰীৰামপুৰৰ পৰা নিউ বঙাইগাৱলৈ ৰে’ল বৈদ্যুতিকৰণৰ কাম ক্ষীপ্ৰতাৰে চলি আছে। আনহাতে, অসমৰ বুকুত নিউ বঙাইগাৱৰ পৰা সৰভোগলৈ প্ৰথমে ৰে’ল চলাচল আৰম্ভ হ’ল। সৰভোগৰ পৰা ৰঙিয়ালৈ আৰু ৰঙিয়াৰ পৰা কামাখ্যা ষ্টেচনলৈ আৰম্ভ হ’ল বৈদ্যুতিক ৰে’ল সেৱা।
![](https://headline8.in/as/wp-content/uploads/2021/06/WhatsApp-Image-2021-06-24-at-3.36.27-PM.jpeg)
উল্লেখযোগ্য যে,কাটিহাড়ৰ পৰা গুৱাহাটীলৈ বৰ্তমানেও বৈদ্যুতিক ৰে’ল সেৱা সম্পূৰ্ণ ৰূপত চলাচল হোৱা নাই কাৰণ মাজত কোচবিহাৰৰ পৰা শ্ৰীৰামপুৰলৈ আৰু কামাখ্যাৰ পৰা গুৱাহাটীলৈ এই দুটা অংশৰ কাম এতিয়াও বাকী আছে।
কিন্তু বৰ্তমান সময়ত এই দুয়োটা অংশতে ক্ষীপ্ৰতাৰে কাম চলি আছে আৰু অহা জুলাইৰ ভিতৰত শ্ৰীৰামপুৰৰ পৰা নিউ বঙাইগাৱলৈ বৈদ্যুতিক ৰেলসেৱাৰ কাম সম্পূৰ্ণ হৈ উঠিব।
![](https://headline8.in/as/wp-content/uploads/2021/06/WhatsApp-Image-2021-06-24-at-3.36.28-PM.jpeg)
কামাখ্যাৰ পৰা গুৱাহাটীলৈ বৈদ্যুতিক ৰে’ল সেৱা
কামাখ্যাৰ পৰা গুৱাহাটীলৈ ৰেল বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰা হৈছে কিন্তু লাখটকীয়াত থকা পুৰণি অভাৰ ব্ৰীজ খনৰ বাবে কিছু টেক্টনিকেলি কিছু অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে যদিও বৰ্তমান সময়ত সেই সমস্যা সমাধান কৰা হৈছে। উল্লেখযোগ্য যে অহা জুলাই মাহৰৰ ভিতৰত কাম খিনি সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁলোকে আশা কৰিছে বুলি আমাক জানিবলৈ দিয়ে।
অসমৰ নিউ বঙাইগাৱৰ পৰা গুৱাহাটীলৈ যিখিনি ৰেলপথ বৈদ্যুতিকৰণ হৈছে এইখিনিৰ বাবে চাৰিটাকৈ চাৰ্জিং ষ্টেচনৰ নিৰ্মাণ কৰা হৈছে। সেইকেইটা ক্ৰমে-
১)নিউ বঙাইগাওঁ
২)সৰভোগ
৩)নলবাৰী
৪) পাণ্ডু
বিদ্যুৎ সঞ্চয় কৰি ৰাখিবৰ বাবে এই চাৰিটা চাৰ্জিং ষ্টেচন নিৰ্মাণ কৰোৱা হৈছে।২৪×৭ ঘণ্টাৰ অৰ্থাৎ সকলো সময়তে ৰেলপথ বৈদ্যুতিকৰণ হৈ থাকিব লাগিব তেতিয়াহে বৈদ্যুতিক ৰেল চলাচল সম্ভৱ হ’ব।
![](https://headline8.in/as/wp-content/uploads/2021/06/WhatsApp-Image-2021-06-24-at-3.36.30-PM.jpeg)
গুৱাহাটীৰ পিছত ক্ৰমে চাপৰমুখ,হোজাই,লামডিংৰ পৰা পৰ্যায়ক্ৰমে ডিব্ৰুগড়লৈ ৰেল বৈদ্যুতিকৰণ হোৱাৰ লগতে শিলচৰ,আগৰতলা,জিৰিবাম, মিজোৰাম আদি সমগ্ৰ উত্তৰ-পূৱত বৈদ্যুতিক ৰেলসেৱা আৰম্ভ হ’ব।
২০২৪ চনৰ ভিতৰত সমগ্ৰ ভাৰতত ডিজেল ইন্ধন আতঁৰাই বৈদ্যুতিক ৰেল চলাচল আৰম্ভ কৰাৰ পন্থা ইতিমধ্যে ৰেল মন্ত্ৰালয়ে গ্ৰহণ কৰিছে।
বৈদ্যুতিক ৰেলসেৱাৰ সুবিধা-
১) প্ৰদূষণমুক্ত
২) দ্ৰুতগতিত ৰেল চলাচল
৩) ৰেলৰ ভাড়া হ্ৰাস
৫) ধন সঞ্চয়
লামডিঙলৈ চলি থকা ৰেল বৈদ্যুতিকৰণৰ যি কাম সেই ষ্টেচন সমূহত একোটাকৈ চাৰ্জিং ষ্টেচন বহুৱাৰ কথাও উল্লেখ কৰা বিষয়া গৰাকীয়ে। চাপৰমুখৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়লৈ বহুওৱা হ’ব চাৰ্জিং পইণ্ট।
কাটিহাড়ৰৰ পৰা গুৱাহাটীলৈ যিখিনি ৰেল বৈদ্যুতিকৰণ হৈছে সেই সমগ্ৰ কাম ৰে’ল বিকাশ নিগম লিমিটেডে (RVNL) কৰিছে। আনহাতে গুৱাহাটীৰ পাছত লামডিঙলৈ যিখিনি কাম আগবাঢ়ি আছে সেইখিনি কাম ৰে’লৱে ইলেক্ট্ৰিফিকেশ্যন বিভাগে নিজাববীয়াকৈ কৰিছে।
নিউ বঙাইগাৱৰ পৰা গোৱালপাৰালৈও চলি আছে ৰে’লপথৰ কাম যিটো চাউথ বেংকৰ পৰা কামাখ্যা লৈ,কামাখ্যাৰ পৰা নিউ বঙাইগাৱলৈ থকা ৰেলপথটিও বৈদ্যুতিকৰণ হ’ব। অহা জুলাইৰ ভিতৰত নিউ বঙাইগাঁৱ, গোৱালপাৰা, কোচবিহাৰ ,কামাখ্যা আৰু গুৱাহাটীৰ এই গোটেই কেইটা অংশৰে কমিচনাৰ অৱ ৰেলৱে চেফটিয়ে পৰিদৰ্শন কৰি ৰেলপথটো বৈদ্যুতিকৰণৰ বাবে প্ৰমাণীকৰণ কৰিব আৰু তাৰ পাছত পৰ্যায়ক্ৰমে মালবাহী ৰে’ল আৰু যাত্ৰীবাহী ৰে’ল সেৱাৰ কাম আৰম্ভ হ’ব।
বৰ্তমান সময়ত উত্তৰ-পূৱ ৰেলসেৱাৰ অন্তৰ্গত কোচবিহাৰলৈ যাত্ৰীবাহী আৰু মালবাহী বৈদ্যুতিক ৰেল চলি আছে আৰু ৰঙিয়ালৈ কেৱল মালবাহী ৰেলসেৱা চলাচল হৈ আছে।