সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাই গৈয়ে আছে। প্ৰতিটো বছৰতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পূৰ্বৰ বৰ্ষতকৈ বৃদ্ধি হয়। কিন্তু বিগত ৭টা বৰ্ষত আটাইতকৈ অধিক পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে।
২০১৪-১৫ত প্ৰতি লিটাৰ পেট্ৰ’লত ৬৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলত আছিল ৫০ টকা। বৰ্তমান ২০২১ বৰ্ষত পেট্ৰ’লে ৯৫ টকা আৰু প্ৰতি লিটাৰ ডিজেলে ৮৬ টকা স্পৰ্শ কৰিছে। আৰু কেইবাখনো জিলাত পেট্ৰ’লে মাৰিছে চেঞ্চুৰী।
বিগত ৭ বছৰত কিমান বাঢ়িল দাম?
২০১৪-১৫- প্ৰতি লিটাৰ পেট্ৰ’লত ৬৬.০৯ টকা, প্ৰতি লিটাৰ ডিজেলত ৫০.৩২ টকা
২০১৫-১৬- প্ৰতি লিটাৰ পেট্ৰ’লত ৬১.৪১ টকা, প্ৰতি লিটাৰ ডিজেলত ৪৬.৮৭ টকা
২০১৬-১৭- প্ৰতি লিটাৰ পেট্ৰ’লত ৬৪.৭০ টকা, প্ৰতি লিটাৰ ডিজেলত ৫৩.২৮ টকা
২০১৭-১৮- প্ৰতি লিটাৰ পেট্ৰ’লত ৬৯.১৯ টকা, প্ৰতি লিটাৰ ডিজেলত ৫৯.০৮ টকা
২০১৮-১৯- প্ৰতি লিটাৰ পেট্ৰ’লত ৭৮.০৯ টকা, প্ৰতি লিটাৰ ডিজেলত ৬৯.১৮ টকা
২০১৯-২০- প্ৰতি লিটাৰ পেট্ৰ’লত ৭১.০৫ টকা, প্ৰতি লিটাৰ ডিজেলত ৬০.০২ টকা
২০২০-২১- প্ৰতি লিটাৰ পেট্ৰ’লত ৭৬.৩২ টকা, প্ৰতি লিটাৰ ডিজেলত ৬৬.১২ টকা
১১ জুন ২০২১- প্ৰতি লিটাৰ পেট্ৰ’লত ৯৫.৮৫ টকা, প্ৰতি লিটাৰ ডিজেলত ৮৬.৭৫ টকা