ভাৰতৰ ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান হিন্দুস্থান পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেড চমুকৈ HPCL এ পৰিবেশ সংৰক্ষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে দেশতে চি এন জিৰে যান – বাহন চলাচল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অংশ হিচাপে সমগ্ৰ দেশত প্ৰায় ১,৫০০ টা CNG ষ্টেচন স্থাপন কৰিছে। আনহাতে এইছ পি চি এলে অসমত প্ৰথমটো CNG ষ্টেচন স্থাপন কৰিছে গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া পামহীস্থিত এইছ পি পামহী নামৰ পেট্রল পাম্প চৌহদত।
পহিলা আগষ্টত নতুন CNG ষ্টেচনটো মুকলি কৰে এইছ পি চি এলৰ কাৰ্যবাহী সঞ্চালক সন্দীপ মহেশ্বৰীয়ে। এই উপলক্ষে এইছ পি পামহীৰ স্বতাধিকাৰী উৎপল কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত সন্দীপ মহেশ্বৰীয়ে ভাষণ প্ৰসংগত CNG চালিত বাহনৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰি নতুন ষ্টেচনটোৱে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত পূৰ্ব ভাৰতী গেছ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, এইছ পি চি এলৰ পূব মণ্ডলৰ মুখ্য মহা প্ৰবন্ধক মোহিত ধাৱানকে ধৰি এইছ পি চি এল আৰু পূৰ্ব ভাৰতী গেছ লিমিটেডৰ কেবাজনো বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য CNG ষ্টেচনটোত গেছৰ যোগান ধৰিব গুৱাহাটীৰ পূৰ্ব ভাৰতী গেছ লিমিটেডে।