আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে এক বৈঠকত মিলিত হয় আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ শীৰ্ষ নেতৃত্ব। এই বৈঠকত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰতিনিধিৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ তথা ছেবাৰ শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে। বৈঠক খনত সৰ্ব সন্মতিক্ৰমে ক’ভিড পৰিস্থিতি উন্নত হ’লে আগষ্টৰ প্ৰথ্ম সপ্তাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচীক লৈ এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
বৈঠকত সম্পূৰ্ণ বিষয়ৰ সলনি সংকুচিত বিষয় আৰু সংকুচিত নম্বৰৰ সৈতেহে ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয়।আনহাতে ইয়াৰ পূৰ্বেই পৰীক্ষাৰ সৈতে জড়িত শিক্ষক আৰু বিষয়া-কৰ্মচাৰীক প্ৰদান কৰা হ’ব ভেকচিন।