মেট্ৰিক পৰীক্ষাৰ পহিলা দিনাটোতেই অঘটন । আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ ইপিনে একেটা দিনৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ কিন্তু পৰীক্ষাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ কিছু সময় পূৰ্বে এগৰাকী ছাত্ৰৰ আত্মহত্যাই তোলপাৰ লগাইছে সমগ্ৰ তেজপুৰ চহৰ ৷ তেজপুৰ নগৰৰ সমীপৱৰ্তী কলিবাৰীত সংঘটিত হৈছে এই ঘটনা ৷
জানিব পৰা মতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ নিলোৎপল কলিতাই মঙলবাৰে ঐতিহাসিক ভৈৰৱী মন্দিৰৰ চৌহদত আত্মহত্যা কৰে ৷ বিগত সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল মেধাৱী ছাত্ৰগৰাকী ৷ উল্লেখ্য যে, ছাত্ৰগৰাকীৰ পিতৃ চন্দ্ৰ কলিতা কৰ্মসূত্ৰে ঐতিহাসিক ভৈৰৱী মন্দিৰৰ দেউৰী ৷ যাৰ বাবে একমাত্ৰ পুত্ৰৰ সৈতে মন্দিৰ চৌহদতে বসবাস কৰি আহিছিল দেউৰী গৰাকীয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ বৰ্তমানো ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ।